সমাজকৰ্মী জিমিয়ে ৰাইজৰ বাবে দলং সাজিলে

0 223

ডিমা হাছাও জিলাৰ এজন ব্যক্তিয়ে ৰাইজৰ বাবে দলং নিৰ্মাণ কৰিলে।আচিং জিমি নামৰ ব্যক্তিজনে ৰাইজৰ সহযোগত এখন ওলমা দলংখন নিৰ্মাণ কৰিলে।উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি ৰাইজে দলং খনৰ বাবে চৰকাৰক অৱগত কৰি আছিল যদিও কোনো সুফল পোৱা নাছিল ।অৱশেষত আচিং জিমিয়ে কাঠ, বাঁহ, আৰু কিছু সংখ্যক সৰঞ্জামৰ দ্বাৰা ওলমা দলংখন নিৰ্মাণ কৰে ।পূৰ্বেও  প্ৰায় ৭কি .মিটাৰ দৈৰ্ঘ্যৰ এটা পথ নিৰ্মাণ কৰিছিল ।জানিব পৰা মতে এই ওলমা দলংখন ৰোবিনলা নদীৰ ওপৰত  নিৰ্মাণ কৰা হৈছে আৰু বৰ্ত্তমানে ৪ খন গাঁৱৰ মানুহৰ আয়ুস ৰেখা হৈ পৰিছে ।অঞ্চলটোত ৰ’ড ম্যান হিচাপে খ্যাত জিমিয়ে ইতিপূৰ্বেও পথ, বাসস্থান, দলং নিৰ্মাণ কৰি স্থানীয় লোক সকলক সহায় কৰি আহিছে ।

Leave A Reply

Your email address will not be published.