দীপাৱলীৰ ধামখুমীয়া পৰিবেশৰ মাজতে কৃষক সকললৈ আশাৰ বতৰা কঢ়িয়াই আনিছে এগৰাকী উদ্যমীয়ে।অসমত উৎপাদিত শাক পাচলি বিদেশলৈ ৰপ্তানি কৰিছে গুৱাহাটী ছয়মাইলৰ কৌশিক বৰুৱাই ।জানি সুখী হ’ব যে অসমৰ উৰহী, মূলা, লণ্ডন,ডুবাইৰ বজাৰত প্ৰতি কেজি ১৮৫ টকাৰো অধিক দামত বিক্ৰী হৈছে ।এই সম্পৰ্কে কৌশিক বৰুৱাই এন ই ফ’কাচ ডট কমৰ সম্পাদক সংগীতা শইকীয়াৰ আগত এনেদৰে প্ৰকাশ কৰে-অলপতে ৫০০ কেজি পাচলি লণ্ডনলৈ ৰপ্তানি কৰিলো।খুব ভাল ধৰণৰ সঁহাৰি পাইছো ।এতিয়াও ৮লাখ কেজিৰ পাচলি বিদেশৰ বজাৰৰ পৰা অৰ্ডাৰ আছে।বিদেশৰ চুপাৰ মাৰ্কেট, ষ্ট্ৰীট মাৰ্কেটত যোগান ধৰিলো ।ইয়াত উপযুক্ত integrated pack house নথকাৰ বাবে অসুবিধাৰ সন্মুখীন হৈছো ।পাচলি ৰপ্তানিৰ দৰে ব্যতিক্ৰমী পেছা কিদৰে মনলৈ আহিল, জানিব বিচৰাত তেখেতে কয় যে -বিদেশত বহুতো অসমৰ মানুহ আছে, তেখেত সকলৰ খাদ্যাভাস আমাৰ দৰেই ।কিন্তু তেখেত সকলে অসমৰ পাচলি তাত নাপায় ।তেনে এটা চিন্তাৰ গুৰিতেই এই পেছা নিৰ্বাচন কৰো।ইয়াৰ উপৰিও মোৰ দেউতাই কৃষি বিভাগত চাকৰি কৰিছিল আৰু মোৰ সৰুৰে পৰা কৃষিৰ প্ৰতি এটা বিশেষ টান আছিল ।যাৰ বাবে এনেদৰে আগবাঢ়ো।উল্লেখযোগ্য যে ইতিপূৰ্বে মালভোগ কল, নেমু, আনাৰস, কমলা, ভোট জলকীয়া ৰপ্তানি হৈছে ।ব্যৱসায়ৰ প্ৰক্ৰিয়াৰ সম্পৰ্কে কৌশিক বৰুৱাই কয় যে বৰ্তমান আমি বিভিন্ন কৃষকৰ পৰা পাচলি আনো আৰু কলিকতাস্থিত সোণাৰ বাংলা নামৰ কোম্পানীৰ জৰিয়তে পেকিং কৰি বিদেশলৈ পঠাও।পেকিং ভাল নহ’লে গ্ৰাহকে ক্ৰয় কৰিবলৈ অপাৰগ হয়।কৌশিক বৰুৱাই কয় উত্তৰ পূবত integrated pack house ৰ অভাৱ।চৰকাৰে যদি বিষয়টো গুৰুত্ব দিয়ে মই ভাবো অসমে পাচলি ৰপ্তানিৰ যোগেদি যথেষ্ট পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰিব পাৰিব।
Trending
- প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ জহামাল উদ্ধাৰ
- প্ৰতিকূল বতৰকো নেওচি সৰ্বানন্দ সোণোৱালৰ সমৰ্থনত ওলাই আহিল হাজাৰ হাজাৰ লোক-ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি নেতৃত্বাধীন এনডিএ-ৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
- পল্টন বজাৰত বহুভাষিক কাব্য সন্ধ্যা অনুষ্ঠিত
- Dr. Buljit Buragohain at the Annual Lecture Program of the Department of Education B Borooah College
- কাহিলীপাৰাত প্ৰসিদ্ধ সাহিত্যিক, সমালোচক ড০ গোবিন্দ প্ৰসাদ শৰ্মাক পৰাগজ্যোতি প্ৰকাশনৰ সম্বৰ্দ্ধনা
- এইচ ডি এফ চি বেংকে সমগ্ৰ ভাৰতত ৬০ টা বেংকিং আউটলেট উদ্বোধন
- কামৰূপ মহানগৰ জিলা নেহেৰু যুৱ কেন্দ্ৰৰ উন্নয়ন খণ্ড ভিত্তিত ক্ৰীড়া উৎসৱ
- বিশ্ব কবিতা দিৱসত কবিতাৰ বৰষুণ
- গুৱহাটীত দুখন আই পি এল মেচ খেলিব ৰাজস্থান ৰয়েলছে- নিশ্চিত কৰিলে দলৰ অধ্যক্ষ অসমৰ ৰঞ্জিত বৰঠাকুৰে
- জিএন আৰ চি হাস্পাতালত বিশ্ব মগজুৰ আঘাত সংক্ৰান্তীয় সজাগতা দিৱস পালন
অসমৰ খেতিয়ক সকলৰ বাবে এটা ভাল খবৰ।কৌশিক বৰুৱা ক এনে কাম হাতত লোৱা ৰ বাবে ধন্যবাদ জনাইছো।