লণ্ডনৰ বজাৰত অসমৰ উৰহী, মূলা-কৃষক সকলৰ বাবে সুখবৰ

1 279

দীপাৱলীৰ ধামখুমীয়া পৰিবেশৰ মাজতে কৃষক সকললৈ আশাৰ বতৰা কঢ়িয়াই আনিছে এগৰাকী উদ্যমীয়ে।অসমত উৎপাদিত শাক পাচলি বিদেশলৈ ৰপ্তানি কৰিছে গুৱাহাটী ছয়মাইলৰ কৌশিক বৰুৱাই ।জানি সুখী হ’ব যে অসমৰ উৰহী, মূলা, লণ্ডন,ডুবাইৰ বজাৰত প্ৰতি কেজি ১৮৫ টকাৰো অধিক দামত বিক্ৰী হৈছে ।এই সম্পৰ্কে কৌশিক বৰুৱাই এন ই ফ’কাচ ডট কমৰ সম্পাদক সংগীতা শইকীয়াৰ আগত এনেদৰে প্ৰকাশ কৰে-অলপতে ৫০০ কেজি পাচলি লণ্ডনলৈ ৰপ্তানি কৰিলো।খুব ভাল ধৰণৰ সঁহাৰি পাইছো ।এতিয়াও ৮লাখ কেজিৰ পাচলি বিদেশৰ বজাৰৰ পৰা অৰ্ডাৰ আছে।বিদেশৰ চুপাৰ মাৰ্কেট, ষ্ট্ৰীট মাৰ্কেটত যোগান ধৰিলো ।ইয়াত উপযুক্ত integrated pack house নথকাৰ বাবে অসুবিধাৰ সন্মুখীন হৈছো ।পাচলি ৰপ্তানিৰ দৰে ব্যতিক্ৰমী পেছা কিদৰে মনলৈ আহিল, জানিব বিচৰাত তেখেতে কয় যে -বিদেশত বহুতো অসমৰ মানুহ আছে, তেখেত সকলৰ খাদ্যাভাস আমাৰ দৰেই ।কিন্তু তেখেত সকলে অসমৰ পাচলি তাত নাপায় ।তেনে এটা চিন্তাৰ গুৰিতেই এই পেছা নিৰ্বাচন কৰো।ইয়াৰ উপৰিও মোৰ দেউতাই কৃষি বিভাগত চাকৰি কৰিছিল আৰু মোৰ সৰুৰে পৰা কৃষিৰ প্ৰতি এটা বিশেষ টান আছিল ।যাৰ বাবে এনেদৰে আগবাঢ়ো।উল্লেখযোগ্য যে ইতিপূৰ্বে মালভোগ কল, নেমু, আনাৰস, কমলা, ভোট জলকীয়া ৰপ্তানি হৈছে ।ব্যৱসায়ৰ প্ৰক্ৰিয়াৰ সম্পৰ্কে কৌশিক বৰুৱাই কয় যে বৰ্তমান আমি বিভিন্ন কৃষকৰ পৰা পাচলি আনো আৰু কলিকতাস্থিত সোণাৰ বাংলা নামৰ কোম্পানীৰ জৰিয়তে পেকিং কৰি বিদেশলৈ পঠাও।পেকিং ভাল নহ’লে গ্ৰাহকে ক্ৰয় কৰিবলৈ অপাৰগ হয়।কৌশিক বৰুৱাই কয় উত্তৰ পূবত integrated pack house ৰ অভাৱ।চৰকাৰে যদি বিষয়টো গুৰুত্ব দিয়ে মই ভাবো অসমে পাচলি ৰপ্তানিৰ যোগেদি যথেষ্ট পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰিব পাৰিব।

1 Comment
  1. দীপক তামূলী says

    অসমৰ খেতিয়ক সকলৰ বাবে এটা ভাল খবৰ।কৌশিক বৰুৱা ক এনে কাম হাতত লোৱা ৰ বাবে ধন্যবাদ জনাইছো।

Your email address will not be published.