সমাজক শৃংখল কৰাৰ প্ৰয়াস ‘ডাটা লীডচ্’ আৰু বি বৰুৱা প্ৰতিষ্ঠানৰ

0 280

সমগ্ৰ বিশ্বতে ডিজিটেল মেডিয়াই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে৷ অসমতো ডিজিটেল মেডিয়াৰ ক্ষীপ্ৰ প্ৰসাৰ ঘটিছে। ডিজিটেল মেডিয়াৰ মঞ্চখনক আগুৱাই নিবৰ বাবে বহুতো তথ্য তথা জ্ঞানৰ প্ৰয়োজন হয়। এই দিশৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ পূৱত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ল ‘ডাটা লীডচ্’ শীৰ্ষক এক অনুষ্ঠানৰ। গুৱাহাটী সোণাপুৰস্থিত অসম ডনবক্সৰ ইউনিভাচিটিৰ গণসংযোগ বিভাগৰ উদ্যোগত অনুষ্ঠিত হোৱা এই অনুষ্ঠানটোত বহুতো দেশী বিদেশী বিশেষজ্ঞই অংশগ্ৰহণ কৰে। বাতৰিৰ ক্ষেত্ৰত কিদৰে সঠিকতা, সত্যতা নিৰূপণ কৰি প্ৰকাশ কৰিব লাগে সেই সম্পৰ্কে ৱাশ্বিংটন গ্ল’ৱেল ইনভেষ্টৰ জাৰ্ণেলিজিম নেটৱৰ্কৰ ডেভিড ই কাপ্লেনে মন্তব্য কৰে। একাংশ অনলাইন জাৰ্ণেলিষ্টে বহু সময়ত প্ৰতিযোগিতাৰ দৌৰত নামি ৰহণ সানি সঠিক তথ্য নোপোৱাকৈ ভুৱা সংবাদ পৰিবেশন কৰে।


 

যাৰ ফলশ্ৰুতিত সমাজত বিশৃংখলতাই গা কৰি উঠে। ফেক নিউজ প্ৰতিহত কৰাত ‘ডাটা লীডচ্’ৰ অনুষ্ঠানত তেখেতে গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে। লগতে ইণ্টাৰনেটৰ কিছু কাৰিকৰী দিশ উপস্থাপন কৰে৷ দুদিনীয়াকৈ অনুষ্ঠিত হোৱা এই অনুষ্ঠানটো কালিলৈ অন্ত পৰিব। আজিৰ অনুষ্ঠানত গুৱাহাটী প্ৰেছ ক্লাৱৰ সম্পাদক নৱ ঠাকুৰীয়া, অসম ডনবস্ক ইউনিৰ্ভাচিটিৰ বিজু মিচাইল, ‘ডাটালীডচ্’ৰ প্ৰতিষ্ঠাতা চয়েদ নাজাকাট, বহ্নিমান চিষ্টেমৰ অভিজিত ভূঞা, নৰ্থ ইষ্ট লাইভৰ সম্পাদক ৱাছবীৰ হুছেইন, কলম্বিয়া সাংবাদিকতা প্ৰতিষ্ঠানৰ অধ্যাপক ৰাজু নাৰীছেট্টি আদিকে ধৰি বহুকেইজন ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফ কামৰূপ জিলাৰ ৰাণীস্থিত ১৭৫ নং বেটেলিয়নৰ মুখ্য কাৰ্য্যালয়ৰ চৌহদত আজি কৰ্কট ৰোগৰ এক সজাগতা অনুষ্ঠান অনুষ্ঠিত হয়৷ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সহযোগত অনুষ্ঠিত হোৱা সজাগতা অনুষ্ঠানটোত চি আৰ পি এফ বাহিনীৰ বিষয়া জোৱান সকলে ভাগ লয়৷ আনহাতে অনুষ্ঠানত কৰ্কট ৰোগ বিশেষজ্ঞ ডাঃ কে কাবেৰীয়ে চাদা, চিগাৰেট, গুটখা, ধূমপান জাতীয় সামগ্ৰী সেৱন কৰাৰ ফলত কিদৰে কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰে সেই সন্দৰ্ভত বাখ্যা দাঙি ধৰে৷ ইয়াৰ উপৰিও ডাঃ কাবেৰীয়ে ধূমপান আৰু ধপাত জাতীয় সামগ্ৰী বৰ্জন কৰি কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ পৰা কিদৰে বাচি থাকিব পাৰি তাৰ বাখ্যা আগবঢ়ায়৷ তেখেতে কয় যে যিমান সংখ্যক লোক কৰ্কট ৰোগত আক্ৰান্ত হৈছে তাৰ বেছিভাগেই ধূমপান আৰু ধপাত জাতীয় সামগ্ৰী সেৱন কৰাটো প্ৰমাণিত হৈছে৷ অনুষ্ঠানত ১৭৫ নং বেটেলিয়নৰ চেকেণ্ড ইন কামাণ্ড সন্তোষ কুমাৰ উপাধ্যায়, ডেপুটি কামাণ্ডেন্ট হৰিশংকৰ মৰিয়াকে ধৰি কেইবাজনো বিষয়াই এই অনুষ্ঠানৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে৷

Leave A Reply

Your email address will not be published.