সাহাৰ্য্য সামগ্ৰী বিতৰণ

0 261

ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত উত্তৰ পূব মণ্ডলৰ উদ্যোগত আজি বৰঝাৰ বিমানবন্দৰৰ কাষৰীয়া আৰু বানত আক্ৰান্ত হোৱা লৱাৰ মিৰ্জাপুৰ , কুহাবৰী , ভক্তবৰী আৰু খানামুখৰ হাওৰাপাৰত ৩০০ টা পৰিয়ালক সাহাৰ্য্য সামগ্ৰী বিতৰণ কৰে । উত্তৰ পূব মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালক সঞ্জীৱ জিন্দালৰ নিৰ্দেশত প্ৰাধিকৰণৰ কৰ্মচাৰী তথা এয়াৰপৰ্ট অথৰিটি এম্পলয়িজ ইউনিয়নৰ ( এ এ ই উ ) ক্ষেত্ৰীয় সম্পাদক পবিত্ৰ দাস , গুৱাহাটী শাখাৰ সম্পাদক ৰাজু কুমাৰ দাস , কৰ্মকর্তা ক্ৰমে তৈয়বুল্লা আলীয়ে ৩০০ টা পৰিয়ালক চিৰা , মিঠাতেল , পিয়াজ , বিস্কুট , মাস্ক আৰু মমবাতি বিতৰণ কৰে ।
 
 
বিতৰণ কাৰ্যসূচীত জ্যেষ্ঠ সাংবাদিক জয়ন্ত কলিতা , অগপৰ পশ্চিম গুৱাহাটী সমষ্টি সমিতিৰ সহকাৰী সম্পাদক ৰুবুল বৈশ্য , অসম যুৱ পৰিষদৰ কামৰূপ জিলা সমিতিৰ সভাপতি প্ৰণৱ দাসকে ধৰি তাৰ নেতৃস্থানিয় লোকসকল উপস্থিত থাকে । উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও বিগত সপ্তাহত দক্ষিণ কামৰূপৰ চিমিনা , নাহিৰা গুইমাৰা , দখলা আদিত চাৰি শতাধিক পৰিয়ালক সাহাৰ্য্য সামগ্ৰী বিতৰণ কৰা হৈছিল ।

Leave A Reply

Your email address will not be published.