সুদূৰ আমেৰিকাত গঢ় লৈ উঠিছে আমাৰ পঢ়াশালি

0 204

সাত সাগৰ তেৰ নদী সিপাৰতো চৰ্চা হৈছে অসমীয়া ভাষা। অসম সন্তান তথা আমেৰিকাৰ নিৱাসী অসমীয়া অভিযন্তা চিৰঞ্জীত বৰদলৈৰ উদ্যোগত আৰম্ভ হৈছে আমাৰ পঢ়াশালি শীৰ্ষক এক অভিলাষী প্ৰকল্প।
 
 
২০১৮চনৰ পৰা আৰম্ভ হোৱা এই প্ৰকল্পৰ লগত সংযুক্ত হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাৰ ৫০ গৰাকী ছাত্ৰ ছাত্ৰী। আমাৰ পঢ়াশালিত পাঠ পঢ়া, হাতৰ আখৰ, সংখ্যা জ্ঞান, সাধাৰণ জ্ঞান আৰু খেল ধেমালি শিকোৱা হয়। আমেৰিকাৰ মিছিগান প্ৰদেশত স্থাপন কৰা এই আমাৰ পঢ়াশালিয়ে লকডাউনৰ সময়তো অনলাইনৰ জৰিয়তে শিক্ষা প্ৰদান কৰিছে।
 
 
আমাৰ পঢ়াশালিৰ লগত জড়িত হৈ আছে পল্লৱ শইকীয়া আৰু কানাডাৰ নিৱাসী গীতাশ্ৰী গগৈ। যি সময়ত অসমীয়া ভাষীৰ সংখ্যা কম হোৱা বুলি তথ্য প্ৰকাশ পাইছে সেই সময়ত সুদূৰ আমেৰিকাত অসম সন্তান গৰাকীয়ে লোৱা প্ৰচেষ্টাক সকলোৱে শলাগ লৈছে।

Leave A Reply

Your email address will not be published.