আজি বিশ্ব পুতলা নাচ দিৱস। প্ৰতি বছৰে ইংৰাজী মাৰ্চ মাহৰ ২১ তাৰিখে গোটেই বিশ্বতে বিশ্ব পুতলা নাচ দিৱস উদযাপন কৰা হয়। বিশ্বৰ বিভিন্ন ঠাইত পুতলা নাচ দিৱস পালন কৰা হৈছে । অসমতো প্ৰতি বছৰে সুৰজিৎ একাডেমীয়ে ২১ মাৰ্চত পুতলা নাচ দিৱস পালন কৰি আহিছে। সুৰজিৎ একাডেমীয়ে হেৰাই যাবলৈ ধৰা অসমৰ কলাক প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অহৰহ চেষ্টা চলাই আছে। আজিৰ বিশ্ব পুতলা নাচ দিৱস সুৰজিৎ একাডেমী কমপ্লেক্সত দিনজোৰা কাৰ্য্যসূচীৰে পালন কৰা হয়। বিশ্ব পুতলা নাচ দিৱসৰ লগত সংগতি ৰাখি ৰাতিপুৱা ৯ বজাত এখনি কৰ্মশালা আয়োজন কৰা হয় । পুতলা নাচ দিৱস কাৰ্য্যক্ৰমত সুৰজিৎ একাডেমীৰ অধ্যক্ষা তথা এণ চি ই আৰ টি, চি চি আৰ টি আৰু এছ চি আৰ টি ৰ সমল ব্যক্তি তথা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা ৰাষ্ট্ৰীয় টেগৰ ৰিচাৰ্ছ স্কলাৰ প্ৰাপ্ত বিনীতা দেৱীয়ে বিশ্ব পুতলা নাচ সম্পৰ্কে বাখ্যা দাঙি ধৰে। ভাষণ প্ৰসংগত তেখেতে কয় পুতলা নাচে সকলোকে মনোৰঞ্জন দিয়াৰ লগতে শিক্ষাৰ ক্ষেত্ৰতো যথেষ্ট গুৰুত্ব আছে। বিজ্ঞান আৰু গণিতৰ লগত সম্পৰ্ক আছে পুতলা নাচৰ। মানৱৰ দৈহিক মানসিক সকলো ক্ষেত্ৰতে বিকাশ ঘটাই পুতলা মাধ্যমেৰে।বিশ্ব পুতলা নাচ দিৱসত সীমান্ত শৰ্মাৰ ৰচিত আৰু বিনীতা দেৱীৰ পৰিচালনাত “ৰাৱণ বধ” আৰু “মহাত্মা গান্ধী” পুতলা নাট দুখন মঞ্চস্থ হয়।পুতলা নাট খনত পুতলা সমূহ সঞ্চালন কৰে ধ্ৰুৱ জ্যোতি কলিতা,প্ৰণৱ জ্যোতি ৰাভা, হাৰ্দিক শৰ্মা, নিহৰিকা দাস, বিনীতা দেৱী, পলক কৈৰী, সুনিতা দেৱী, সীমান্ত শৰ্মা, কুন্তী দেৱী আৰু গনেশ বড়ো। সংগীত পাপু গোঁহাই। বিশ্ব পুতলা নাচ দিৱস অনুষ্ঠানটো আঁতধৰে ধ্ৰুৱ জ্যোতি কলিতাই। অনুষ্ঠানত সাংস্কৃতিক কৰ্মী, শিক্ষাবিদ,বিভিন্ন মহাবিদ্যালয়-বিশ্ববিদ্যাল়ৰপৰা অহা শিক্ষাৰ্থীয়ে বিশ্ব পুতলা নাচৰ দিন জোৰা কাৰ্য্যসূচীৰ সাংস্কৃতিক কাৰ্য্যক্ৰম উপভোগ কৰে।
Trending
- Assam Governor extends greetings on Rongali Bihu and Assamese New Year
- আন্তঃবিশ্ববিদ্যালয় থাং-টা প্ৰতিযোগিতাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ সোণৰ পদক লাভ
- পাণ্ডু বিহু সন্মিলনীৰ স্থায়ী ঠিকনা হ’ব জুবিন গাৰ্গ ৰেলৱে বিহুতলী মালিগাওঁ
- NSE Enables Instant Order Acknowledgement in Nanoseconds Across All Segments
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান
- ৭ এপ্ৰিলত সন্ধিয়া ৫:০০ বজাৰ পৰা আৰম্ভ নীৰৱতাৰ সময়
- লেখিকা মণিৰূপা মিশ্ৰৰ ‘অনুভৱৰ কেইটিমান পৃষ্ঠা’ কাব্যগ্ৰন্থ উন্মোচন