আজি বিশ্ব পুতলা নাচ দিৱস। প্ৰতি বছৰে ইংৰাজী মাৰ্চ মাহৰ ২১ তাৰিখে গোটেই বিশ্বতে বিশ্ব পুতলা নাচ দিৱস উদযাপন কৰা হয়। বিশ্বৰ বিভিন্ন ঠাইত পুতলা নাচ দিৱস পালন কৰা হৈছে । অসমতো প্ৰতি বছৰে সুৰজিৎ একাডেমীয়ে ২১ মাৰ্চত পুতলা নাচ দিৱস পালন কৰি আহিছে। সুৰজিৎ একাডেমীয়ে হেৰাই যাবলৈ ধৰা অসমৰ কলাক প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অহৰহ চেষ্টা চলাই আছে। আজিৰ বিশ্ব পুতলা নাচ দিৱস সুৰজিৎ একাডেমী কমপ্লেক্সত দিনজোৰা কাৰ্য্যসূচীৰে পালন কৰা হয়। বিশ্ব পুতলা নাচ দিৱসৰ লগত সংগতি ৰাখি ৰাতিপুৱা ৯ বজাত এখনি কৰ্মশালা আয়োজন কৰা হয় । পুতলা নাচ দিৱস কাৰ্য্যক্ৰমত সুৰজিৎ একাডেমীৰ অধ্যক্ষা তথা এণ চি ই আৰ টি, চি চি আৰ টি আৰু এছ চি আৰ টি ৰ সমল ব্যক্তি তথা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা ৰাষ্ট্ৰীয় টেগৰ ৰিচাৰ্ছ স্কলাৰ প্ৰাপ্ত বিনীতা দেৱীয়ে বিশ্ব পুতলা নাচ সম্পৰ্কে বাখ্যা দাঙি ধৰে। ভাষণ প্ৰসংগত তেখেতে কয় পুতলা নাচে সকলোকে মনোৰঞ্জন দিয়াৰ লগতে শিক্ষাৰ ক্ষেত্ৰতো যথেষ্ট গুৰুত্ব আছে। বিজ্ঞান আৰু গণিতৰ লগত সম্পৰ্ক আছে পুতলা নাচৰ। মানৱৰ দৈহিক মানসিক সকলো ক্ষেত্ৰতে বিকাশ ঘটাই পুতলা মাধ্যমেৰে।বিশ্ব পুতলা নাচ দিৱসত সীমান্ত শৰ্মাৰ ৰচিত আৰু বিনীতা দেৱীৰ পৰিচালনাত “ৰাৱণ বধ” আৰু “মহাত্মা গান্ধী” পুতলা নাট দুখন মঞ্চস্থ হয়।পুতলা নাট খনত পুতলা সমূহ সঞ্চালন কৰে ধ্ৰুৱ জ্যোতি কলিতা,প্ৰণৱ জ্যোতি ৰাভা, হাৰ্দিক শৰ্মা, নিহৰিকা দাস, বিনীতা দেৱী, পলক কৈৰী, সুনিতা দেৱী, সীমান্ত শৰ্মা, কুন্তী দেৱী আৰু গনেশ বড়ো। সংগীত পাপু গোঁহাই। বিশ্ব পুতলা নাচ দিৱস অনুষ্ঠানটো আঁতধৰে ধ্ৰুৱ জ্যোতি কলিতাই। অনুষ্ঠানত সাংস্কৃতিক কৰ্মী, শিক্ষাবিদ,বিভিন্ন মহাবিদ্যালয়-বিশ্ববিদ্যাল়ৰপৰা অহা শিক্ষাৰ্থীয়ে বিশ্ব পুতলা নাচৰ দিন জোৰা কাৰ্য্যসূচীৰ সাংস্কৃতিক কাৰ্য্যক্ৰম উপভোগ কৰে।
Trending
- Maiden ‘Rising Northeast Investors’ Summit’ in Delhi
- অমৃত ভাৰত আঁচনিৰ অধীনত নতুন ৰূপত মধ্য অসমৰ হয়বৰগাওঁ ৰেলৱে ষ্টেচন – ২২ মে’ত ভিডিঅ কনফাৰেৰেন্সি যোগে উদ্ধোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
- ঐতিহ্যমণ্ডিত ডিব্ৰুগড় চহৰক বিকাশৰ ৰূপান্তৰৰ জৰিয়তে আটকধুনীয়াকৈ সুসজ্জিত কৰাৰ পোষকতা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
- বাৰিষাৰ প্ৰতিকূল পৰিস্থিতিত যান-বাহন ব্যৱহাৰকাৰীলৈ সতৰ্কবাণী পৰিবহণ বিভাগৰ
- সাংস্কৃতিক বিভাগৰ অধীনৰ বিভিন্ন বিষয়ৰ সন্দৰ্ভত সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ অধ্যক্ষতাত বৈঠক
- Northeast’s Maritime Future Brightens: Union Minister Announces ₹1,500 Crore Investment in Waterway Projects
- খানামুখত পৰীক্ষিত হালৈৰ প্ৰবন্ধ সংকলন ভিন্নসুৰী উন্মোচন
- Celebration of National Technology Day 2025 at DRL-DRDO, Tezpur
- ৰাজ্যৰ বান ব্যৱস্থাপনা প্ৰস্তুতি সম্পৰ্কত পৰ্যালোচনা কৰিলে অসমৰ মুখ্য সচিবে
- ভাৰতীয় সেনা-পৰিয়ালৰ অসামান্য সেৱাৰ প্ৰতি সন্মান জনাই পৰিবহণৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ