ৰাজ্যত বৰ্দ্ধিত সংঘটিত পথ দুৰ্ঘটনাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মায়ো উদ্বেগ প্রকাশ কৰি দুৰ্ঘটনাা ৰোধ কৰিবলৈ হাতে – কামে নামি পৰিবলৈ আৰক্ষী আৰু পৰিবহণ বিভাগক নির্দেশনা দিছে । মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই অসম চৰকাৰৰ পৰিবহণ মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰীয়ে প্ৰতিজন জিলা পৰিবহণ বিষয়াক নিজ নিজ জিলাত আৰক্ষীৰ সহযোগত যান বাহন পৰিদৰ্শক ( এম ভি আই ) আৰু প্ৰৱৰ্তক পৰিদৰ্শক ( ই আই ) সকলক লগত লৈ ৰাজপথত উদণ্ড বা আইন উলংঘাকাৰী চালক সকলৰ বিৰুদ্ধে অভিযান চলাবলৈ নিৰ্দেশনা দিছে । ইয়াৰ অংশ হিচাপে কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত ২১ ডিচেম্বৰত সোণাপুৰ নতুন বজাৰত এখন পথ সুৰক্ষা সজাগতা সভা অনুষ্ঠিত কৰে। আনহাতে সভাত মুখ্য বক্তা হিচাপে ভাগ লৈ কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়া (পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ) কাৰ্যালয়ৰ দায়িত্ববাহী সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে ভাষণ প্ৰসংগত কয় – মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নৱবৰ্ষক আদৰাৰ নামত ৩১ ডিচেম্বৰ আৰু পহিলা জানুৱাৰীত সুৰাপান কৰি নিজৰ লগতে আন দহজনক মৃত্যুৰ মুখলৈ ঠেলি দিয়া কার্য ৰোধ কৰিবলৈ আহ্বান জনাইছে তাক বাস্তৱত পৰিণত কৰিবলৈ হলে প্ৰথমতে চালক সকল আগবাঢ়ি আহিব লাগিব। এই ক্ষেত্ৰত সুৰাপান কৰি বাহন নচলাবলৈ আৰু পথ সুৰক্ষাৰ দিশত কোনো ধৰণৰ আপোচ কৰা নহব বুলি তেওঁ সদৰি কৰে। ইফালে গুৱাহাটীৰ কাষৰীয়া সোণাপুৰ আৰু ক্ষেত্ৰী অঞ্চলটোত চলিত বৰ্ষটোত ভয়ংকৰ পথ দুৰ্ঘটনাত ১৬ জন লোক নিহত হোৱাৰ উপৰি সমগ্ৰ গুৱাহাটী মহানগীৰ ভিতৰত ২২১ জন লোক নিহত হ’বলগীয়া হৈছে।সেয়েহে এই সমূহ দুর্ঘটনা ৰোধ কৰিবলৈ হ’লে চালকসকলে গাড়ী চলাওঁতে সুৰা সেৱন কৰাৰ পৰা বিৰত থকাৰ লগতে গাড়ীৰ গতিবেগ সীমিত কৰা, গাড়ী চলাই থাকোতে মোবাইল ফোন ব্যৱহাৰ কৰা আদি কাৰ্যৰ পৰা বিৰত থাকি দুৰ্ঘটনাৰ পৰা নিজৰ জীৱন ৰক্ষা কৰা লগতে আনৰো জীৱন সুৰক্ষিত কৰিবলৈ সকলোকে আহ্বান জনায়। ইপিনে সভাত সোণাপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া বিষয়া হিমাদ্ৰী বৰা, সোণাপুৰৰ সহকাৰী আৰক্ষী আয়ুক্ত সুকন্যা দাস, সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক দিব্যজ্যোতি মেধি, সোণাপুৰ উন্নয়ন সমিতিৰ সভাপতি অজিত দত্ত আৰু সোণাপুৰ উন্নয়ন সমিতিৰ উপ – সভাপতি তপন গোস্বামী , অসম আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি ৰাজীৱ ওৰাঙকে ধৰি কেইবাগৰাকী বিশিষ্ট লোক উপস্থিত থাকি এনে ধৰণৰ পথ সুৰক্ষা সজাগতা সভা সোণাপুৰত আয়োজন কৰা বাবে সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসৰ শলাগ লয় আৰু দুৰ্ঘটনা প্ৰতিৰোধ সন্দৰ্ভত ৰাইজক সজাগ আৰু সচেতন হ’বলৈ আহ্বান জনায়।
Trending
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan