সৃজনীমূলক ধাৰণাক মূল্য সংযোজনৰ জৰিয়তে ব্যৱসায়িক দিশলৈ লৈ যাব পাৰি এয়াই ষ্টাৰ্টআপ -উদ্যোগ মন্ত্রী বিমল বড়া

0 205

অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ উদ্যোগত আমবাৰীৰ ষ্টাৰ্টআপ নেষ্টত অনুষ্ঠিত ‘অসম ষ্টাৰ্টআপ ফেষ্ট-২০২৩’ কালি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বড়াই। ৰাজ্যত প্ৰথম বাৰৰ বাবে অনুষ্ঠিত এই ষ্টাৰ্টআপ ফেষ্ট-২০২৩’ উদ্বোধন কৰি উদ্যোগ মন্ত্রী বড়াই সৃজনীমূলক ধাৰণাক মূল্য সংযোজনৰ জৰিয়তে ব্যৱসায়িক দিশলৈ লৈ যাব পাৰি, এয়াই ষ্টাৰ্টআপ বুলি কয়। দেশৰ প্ৰধান মন্ত্রী নৰেন্দ্ৰ মোদীয়ে দেখা আত্ম নিৰ্ভৰ ভাৰতৰ সপোন ইয়াৰ জৰিয়তে সাকাৰ হ’ব বুলি আশা প্ৰকাশ কৰি মন্ত্রী বড়াই বিগত চাৰিটা বৰ্ষত ১০৯টা ষ্টাৰ্টআপে বিভিন্ন প্ৰতিষ্ঠানৰ পৰা ৭০ কোটি তকৈও অধিক ধনৰ বিত্তীয় সাহায্য লাভ কৰিছে বুলি উল্লেখ কৰে।এই ষ্টাৰ্টআপ সমূহৰ জৰিয়তে চাৰি হেজাৰোধিক লোকে নিয়োগৰ সুবিধা লাভ কৰাৰ কথা উল্লেখ কৰি ই প্ৰায় ১৪ লাখতকৈও অধিক লোক প্ৰভাৱান্বিত কৰিছে বুলিও তেওঁ ভাষণত কয়।বিগত বৰ্ষত চিডবিৰ সৈতে হোৱা এক বুজা বুজিৰ চুক্তিৰ কথা উল্লেখ কৰি ৰাজ্য চৰকাৰ,চিডবি আৰু অন্য বিত্তীয় সংস্থাৰ ক্ৰমে ১০০কোটি আৰু ৫০কোটিকৈ মুঠ দুশ কোটি টকাৰে অহা ৫ৰপৰা ৭ বছৰলৈ অসমৰ ষ্টাৰ্টআপ সমূহক সাহায্য প্ৰদান কৰা হ’ব বুলি মন্তব্য কৰি ইয়াৰ সুবিধা লবলৈ ষ্টাৰ্টআপ সমূহক নিজকে প্ৰস্তুত কৰিবলৈও মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়।অহা ২৫ আগষ্টলৈ চলিব লগা এই ষ্টাৰ্টআপ ফেষ্টত ৰাজ্যৰ ৩৫টা ষ্টাৰ্টআপ প্ৰতিষ্ঠানে অংশ গ্ৰহণ কৰি ইয়াৰ উদ্ভাবনী কৌশলসমূহ প্ৰদৰ্শন কৰিছে।
উদ্বোধনী অনুষ্ঠানৰ আৰম্ভণিতে আদৰণি ভাষণ প্রদান কৰে অসম ঔদ্যোগিক আন্ত গাথনি উন্নয়ণ নিগমৰ পৰিচালন সঞ্চালক চিন্ময় প্ৰকাশ ফুকনে। সভাত ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচায়ো ষ্টাৰ্টআপৰ জৰিয়তে কিদৰে উদ্যোগিক ক্ষেত্রখনত অগ্ৰসৰ হ’ব পাৰি তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সভাত অসম ঔদ্যোগিক আন্ত:গাথনি উন্নয়ণ নিগমৰ অধ্যক্ষ শান্তনু পূজাৰী, অসম উদ্যোগিক উন্নয়ণ নিগমৰ পৰিচালন সঞ্চালক মানবেন্দ্রনাথ প্ৰতাপ সিং, উদ্যোগ বিভাগৰ আয়ুক্ত ঐনাম শৰণ কুমাৰ সিঙকে ধৰি উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ ভালে সংখ্যক বিষয়া- কৰ্মচাৰী উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.