দেশৰ আন ৰাজ্যৰ লগতে অসমতো স্বাধীন ভাৰতৰ সেনা বাহিনীৰ প্ৰথমজন সৰ্বাধিনায়ক , ফিল্ড মাৰ্শ্বেল কে এম কাৰিয়াপ্পাৰ ১৯৫৩ চনৰ ১৪ জানুৱাৰীত অৱসৰ গ্ৰহণ কৰা দিনটোৰ লগত সংগতি ৰাখি গুৱাহাটীৰ লাচিতনগৰস্থিত সৈনিক ভৱনৰ সভাগৃহত ১৪ জানুৱাৰীত সশস্ত্ৰ বাহিনী ভেটাৰ্ন দিৱস উদযাপন কৰা হয় । এই উপলক্ষে ৰাজ্যিক সৈনিক কল্যাণ সঞ্চালকালয়ৰ সঞ্চালক , বিগ্ৰেডিয়াৰ (অৱসৰপ্ৰাপ্ত) দীনেশ চন্দ্ৰ মজুমদাৰে সঞ্চালনা কৰা সভাখনত দুগৰাকী অৱসৰপ্ৰাপ্ত সৈনিকৰ সহধৰ্মিনী , বীৰ নাৰীক সম্বৰ্ধনা জনোৱা হয় । সভাত ভাৰতীয় সেনাৰ প্ৰাক্তন লেফটেনেণ্ট জেনেৰেল প্ৰণৱ কুমাৰ ভৰালী , ৰাজ্যৰ প্ৰাক্তন সৈনিক কল্যাণ সঞ্চালক আৰু অখিল ভাৰতীয় ভূতপূর্ব সৈনিক সেৱা পৰিষদৰ,উত্তৰ পূৱৰ আহ্বায়ক , কমডৰ (অৱসৰপ্ৰাপ্ত) কমলেশ চন্দ্ৰ চৌধুৰী , কামৰূপ জিলা সৈনিক কল্যাণ বিষয়া, গ্ৰুপ কেপ্তেইন (অৱসৰপ্ৰাপ্ত) কনক কলিতা , গ্ৰুপ কেপ্তেইন (অৱসৰপ্ৰাপ্ত) দেবানন্দ গোহাঁই , অৱসৰপ্ৰাপ্ত কৰ্ণেলদ্বয় পংকজ ৰাজখোৱা আৰু দীপক চক্ৰৱৰ্তীকে ধৰি ভাৰতীয় সেনা , নৌ সেনা আৰু বায়ু সেনাৰ অৱসৰপ্ৰাপ্ত কেবাজনো উচ্চপদস্থ বিষয়া উপস্থিত থাকে । সভাত উপস্থিত কেবাজনেও ফিল্ড মাৰ্শ্বেল কে এম কাৰিয়াপ্পাৰ দেশপ্ৰেম , সাঁহস আৰু ভাৰতীয় সেনা বাহিনীক পুনৰ গঠনৰ বাবে কৰা ত্যাগৰ ওপৰত আলোকপাত কৰে ।
Trending
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি