সোণাৰিৰ গাঁৱে গাঁৱে ক’ৰণাৰ বিৰুদ্ধে যুঁজ দিছে স্বাস্থ্যকৰ্মীসকলে

0 281

বিশ্বজুৰি ছানি ধৰা মহামাৰী ক’ৰণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ স’তে জড়িত চিকিৎসক, নাৰ্চ তথা অন্যান্য স্বাস্থ্যকৰ্মীসকলক প্ৰদান কৰি অহা প্ৰতিটো নিৰ্দেশ সুপৰিকল্পিতভাৱে পালন কৰি যাবলৈ যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে।
 
 
 
উল্লেখযোগ্য যে মহামাৰী ক’ৰণা ভাইৰাছৰ অৱস্থিতি অসমত ধৰা পৰাৰ পাছৰে পৰা চৰাইদেউ জিলাৰ প্ৰতিগৰাকী চিকিৎসক তথা স্বাস্থ্যকৰ্মীয়ে ক’ভিড-১৯ ৰ লগত যুঁজ দিবলৈ নিজকে প্ৰস্তুত কৰি সম্প্ৰতি গাঁৱে গাঁৱে গৈ জনসাধাৰণৰ স্বাস্থ্য পৰীক্ষা কৰি আছে। সমান্তৰালকৈ প্ৰতিগৰাকী লোককে স্বাস্থ্য ৰক্ষাৰ বাবে কিদৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, সামাজিক দূৰত্ব বজাই ৰাখি চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা, মাস্ক পৰিধান কৰা লগতে চাবোন বা চেনিটাইজৰে হাত ধোৱা আদি বিষয়ত জনসাধাৰণক অৱগত কৰি সজাগতা সৃষ্টিটো গুৰুত্ব দিছে।
 
বিগত দিনকেইটাত ভজো, ৰতনপুৰ, টিয়ক , চফ্ৰাই, সোণাৰি নগৰ, কাকতিবাৰী, নামতোলা , টাওকাক, টিমন, ডিপ্লিং আদি অঞ্চলত থকা উপ স্বাস্থ্য কেন্দ্ৰৰ এএনএম তথা চিকিৎসা কৰ্মীসকলে নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰা পৰিলক্ষিত হৈছে। মন কৰিবলগীয়া যে শেহতীয়াকৈ বৰ্হিৰাজ্যৰ পৰা অসমলৈ অহা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ সময়তে ক’ৰণা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ পাছত এতিয়াহে অসমৰ জনসাধাৰণে ক’ৰণাৰ লগত আচল যুঁজখনত অৱতীৰ্ণ হ’ব লাগিব বুলি স্বাস্থ্যমন্ত্ৰীয়ে ঘোষণা কৰাত চিকিৎসক তথা স্বাস্থ্যকৰ্মীসকলে অধিক সতৰ্কতাৰে নিজৰ দায়িত্ব পালন কৰিছে।
খবৰ যুগুতালে সোণাৰিৰ পৰা অভিজিত ভূঞাই..

Leave A Reply

Your email address will not be published.