কালিৰ বাবে পল্টন বজাৰৰ এ এছ টি চিৰ বাছ স্থানান্তৰকৰণ কৰা হৈছে বেতকুঁছিলৈ-সঞ্চালক

0 269

সমগ্ৰ বিশ্বজুৰি অব্যাহত আছে ক’ৰণা ভাইৰাছৰ আতংক। এই আতংক কেতিয়া শেষ হ’ব সেয়া কোৱাটো অসম্ভৱ। সেয়ে সমগ্ৰ বিশ্বজুৰি পুনৰ লক ডাউন ঘোষণা কৰিলে।
 
 
আনহাতে অসমত ক’ৰণাত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। এইসম্পৰ্কত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীয়ে এক টুইট যোগে সদৰি কৰিছে। সম্প্ৰতি অসমত ক’ৰণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা  সৰ্বমুঠ ১৯১ গৰাকী। তেখেত সকলৰ  মাজৰ ৪৮ গৰাকী ৰোগী ক’ৰণামু্ক্ত  হোৱাৰ বিপৰীতে আন ১৩৬ গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে।
 
 
সম্প্ৰতি  চতুৰ্থ পৰ্য্যায়ৰ লক ডাউন চলি আছে। এই লক ডাউনত চৰকাৰে কেতবোৰ শিথিলতা আনিছে। ব্যক্তিগত যান বাহনসমূহ নিয়মমাফিক ভাৱে চলিবলৈ নিৰ্দেশ দিয়াৰ লগতে ৰাজহুৱা বাছ সেৱা, ঘৰুৱা বিমান সেৱা, ৰেল সেৱা আৰম্ভ কৰিবলৈ ইতিমধ্যে নিৰ্দেশ জাৰি  কৰিছে।
 
 
আনহাতে অসম ৰাজ্যিক পৰিবহন নিগমৰ সঞ্চালকে জনসাধাৰণৰ  বাবে বাৰ্তা প্ৰেৰণ কৰিছে। পল্টনবজাৰস্থিত এ এছ টি চি বাছ সেৱাৰ ষ্টপেজৰ পৰা চলিবলগীয়া যিসমূহ বাছ আছে, সেই সকলোবোৰ বাছ কালিৰ বাবে অৰ্থাৎ কেৱল ২২মে’ তাৰিখৰ কাৰণে গুৱাহাটী মহানগৰীৰ বেতকুছিস্থিত আই এছ বি টি লৈকে স্থানান্তৰ কৰা হৈছে।
 

Leave A Reply

Your email address will not be published.