সোমবাৰৰ পৰা ৰাজ্যত অনিৰ্দিষ্ট কাললৈ চকা বন্ধ

0 263

অহা সোমবাৰৰ পৰা ৰাজ্যত অনিৰ্দিষ্টকাললৈ চকা বন্ধৰ কাৰ্যসূচী আহ্বান কৰিছে সদৌ অসম মটৰ পৰিবহন সন্থাই।যাত্ৰীবাহী যান বাহনৰ মালিক আৰু শ্ৰমিকৰ সমূহৰ লগতে ৰাইজক চকা বন্ধ কাৰ্যসূচী পালন কৰিবলৈ আৰু সহায় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে সদৌ অসম মটৰ পৰিবহন সন্থাই।
 
তেওঁলোকৰ দাবী অনুসৰি আছাম মটৰ ভেহিকল টেক্সেশ্যন এক্ট ১৯৩৬ অনুযায়ী কৰ’না ভাইৰাছৰ আইন বলবৎ থকাৰ কাৰণে ব্যৱসায়িক যাত্ৰীবাহী যান বাহনৰ পথ কৰ এবছৰলৈ ৰেহাই দিব লাগে। লগতে ঋণ থকা ব্যৱসায়িক যাত্ৰীবাহী বাহনৰ ঋণৰ ওপৰত লোৱা জৰিমনা মাফ কৰাৰ দাবী জনাইছে।ইফালে চকা বন্ধলৈ এতিয়া সমৰ্থন আগবঢ়াইছে বহু কেইটা দল সংগঠনে । অট’ মালিক সন্থাৰ লগতে ৰোড ট্ৰেন্সপৰ্ট ৱকাৰ্ছ ফেডাৰেশ্যনে চকা বন্ধৰ সমৰ্থন জনাইছে।

Leave A Reply

Your email address will not be published.