স্বামী বিবেকানন্দ দৰ্শনৰ অৱলোকনৰে

0 338

আজি ১২ জানুৱাৰী।মহান দাৰ্শনিক স্বামী বিবেকানন্দৰ জন্মদিন।১৮৬৩ চনৰ আজি দিনটোতে তেখেতৰ জন্ম হৈছিল।তেখেতৰ জন্ম দিনটো ৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে পালন কৰা হয়।স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা কৰিছিল তেখেতৰ দৰ্শন আৰু কথাই যুৱ চামক অনুপ্ৰাণিত কৰিছিল।
তেখেতে কৈছিল তুমি যেনেকুৱাই ভাবা তেনেকুৱাই হ’ব,নিজক দুৰ্বল বুলি ভাবিলে দুৰ্বল আৰু সবল বুলি ভাবিলে সবল হ’বা।কোনো কামত কিদৰে মনোনিবেশ কৰিব লাগে সেই সম্পৰ্কে তেখেতে কৈছিল যি সময়ত কাম কৰা, সেই সময়ত মনোযোগেৰে কামত মনোনিবেশ কৰিবা।লগতে কৈছিল নিজকে দুৰ্বল বুলি ভবাটো সকলোতকৈ ডাঙৰ পাপ। অধ্যৱসায়ৰ সম্পৰ্কে কৈছিল উঠা,জাগা আৰু তেতিয়ালৈকে ক্ষান্ত নহ’বা যেতিয়ালৈকে লক্ষ্য প্ৰাপ্তি নহয়।এই গৰাকী মহামনিষীৰ এই প্ৰেৰণা মূলক বক্তব্যই শ্ৰদ্ধাৰে সোৱৰিছোঁ।

Leave A Reply

Your email address will not be published.