“স্মাৰ্ট পুলিচিং” ৰ ক্ষেত্ৰত দেশৰ ভিতৰতে শীৰ্ষৰ তৃতীয় স্থান কৰিছে অসম আৰক্ষীয়ে। ইণ্ডিয়ান পুলিচ ফাউণ্ডেচনে ” স্মাৰ্ট পুলিচিং” সন্দৰ্ভত দেশৰ ৰাজ্য আৰু কেন্দ্ৰিয়শাসিত অঞ্চল সমূহত চলোৱা এক সমীক্ষাত এই তথ্য প্ৰকাশ পাইছে। মুঠ ১০ ৰ ভিতৰত ৭.৮৯ আহৰণ কৰি অসম আৰক্ষীয়ে এই স্বীকৃতি লাভ কৰিছে। কেৰেলা(৭.৫৩), গুজৰাট(৭.০৪), দিল্লী(৬.৮৫), তামিলনাডু(৬.৭৩), কৰ্ণাটক(৬.৬৯), আৰু মহাৰাষ্ট্ৰ (৬.২৫) ৰ দৰে ৰাজ্য সমূহকো চেৰ পেলাই অসম আৰক্ষীয়ে ”স্মাৰ্ট পুলিচিং” ৰ ক্ষেত্ৰত এই সন্মান বুটলিবলৈ সক্ষম হৈছে। আনহাতে এই সমীক্ষাত প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰিছে ক্ৰমে অন্ধপদেশ (৮.১১) আৰু তেলেংগান(৮.১০) ই। ইণ্ডিয়ান পুলিচ ফাউণ্ডেচন ”স্মাৰ্ট পুলিচিং”ৰ কেবাটাও শিতানত এই সমীক্ষা চলাইছিল।সমীক্ষা চলোৱা শিতান সমূহৰ বেছিভাগতেই অসম আৰক্ষীয়ে শীৰ্ষক তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে।এই সমূহৰ ভিতৰত সংবেদনশীলতা, কঠোৰ আৰু ভাল আচৰণ,নাগৰিকে তাৎক্ষণিক ভাৱে লগ পোৱা, তাৎক্ষণিক প্ৰত্যুত্তৰ নাইবা সমিধান দিয়া ,সহায় আৰু বন্ধুত্বসুলভ পুলিচিং ,নিৰপেক্ষ আৰু আইনগত পুলিচিং ,দায়বদ্ধতা আদি বিভিন্ন শিতানত অসম আৰক্ষীয়ে তৃতীয় স্থান লাভ কৰিছে।ইণ্ডিয়ান পুলিচ ফাউণ্ডেচনে এই শিতানসমূহত দেশৰ আৰক্ষীক মূল্যায়ন কৰাৰ বাবে অনলাইন আৰু প্ৰ-পত্ৰযোগে এই সমীক্ষা চলাইছিল।আই আই টি কানপুৰ,টাটা ইনষ্টিটিউট অৱ ছলিয়েল চায়েন্স মুম্বাইকে ধৰি দেশৰ বিভিন্ন আগশাৰীৰ প্ৰতিষ্ঠান বিশেষজ্ঞক এই সমীক্ষাত জড়িত কৰোৱা হৈছিল।ইণ্ডিয়ান পুলিচ ফাউণ্ডেচন স্মাৰ্ট পুলিচিং সমীক্ষাত দেশৰ ভিতৰত অসম আৰক্ষীয়ে শীৰ্ষক তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হোৱা বাবে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই ৰাজ্যৰ আৰক্ষী বিভাগটোৰ প্ৰতিটো বৰ্ষৰ জোৱান কৰ্মচাৰীক অভিনন্দন জনাইছে।অসম আৰক্ষী এই সফলতা বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিও কৃতজ্ঞতা জ্ঞাপন কৰে।অসম আৰক্ষীক দেশৰ ভিতৰতে স্মাৰ্ট পুলিচিংৰ ক্ষেত্ৰত শীৰ্ষৰ তৃতীয় স্থানত প্ৰতিষ্ঠা কৰি আৰক্ষীৰ কাম কাজৰ ওপৰত ৰাইজে সন্তুষ্টি আৰু বিশ্বাস প্ৰদৰ্শন কৰা বুলি সঞ্চালক প্ৰধান মহন্তই মতপোষণ কৰে।তেওঁ কয় যে মুখ্যমন্ত্ৰীৰ সবল নেতৃত্ব আৰু দিহা পৰামৰ্শমৰ্মে অসম আৰক্ষীয়ে ভৱিষ্যতৰ দিনবোৰতো সকলো ঘাত প্ৰতিঘাত,প্ৰত্যহ্বান নেওচি জনতাৰ হিতৰ বাবে নিষ্ঠা সহকাৰে কৰ্তব্য পালন কৰি যাব আৰু বিভাগ টোৰ সুনাম অক্ষুন্ন ৰখাৰ বাবে অহোপুৰুষাৰ্থ কৰিব।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনত অসমত অনুষ্ঠিত দেশৰ আটাইকেইখন ৰাজ্য সঞ্চালকপ্ৰধান সকলৰ সন্মিলনত স্মাৰ্ট পুলিচিংৰ ধাৰণা ব্যক্ত কৰিছিল।মূলতঃ দেশৰ আৰক্ষীক পদ্ধতিগ ভাৱে সংস্কাৰ সাধন কৰি ৰাইজৰ প্ৰতি অধিক দায়বদ্ধ আধুনিক ,সতৰ্ক, আস্থাভাজন আৰু তাৎক্ষণিক প্ৰত্যুত্তৰ দিব পৰাকৈ সাজু কৰি তোলাটোৱে আছিল স্মাৰ্ট পুলিচিংৰ মূল ধাৰণা।
Trending
- বিটিচি নিৰ্বাচন সন্দৰ্ভত তামুলপুৰ জিলা আয়ুক্তৰ সংবাদ মেল সম্বোধন
- ২৯ আগষ্টত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানৰ প্ৰস্তুতিৰ চূড়ান্ত পৰ্যালোচনা কৰিলে সাধাৰণ প্ৰশাসন আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে
- বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰত আন্তঃকমাণ্ড মহিলা ক্ৰীড়া সমাৰোহ আৰম্ভ
- দক্ষিণ শালমাৰা – মানকাচৰ জিলাৰ কোক্ৰাডাঙাত ব্ৰহ্মপুত্ৰৰ খহনীয়াত আক্ৰান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ
- Guwahati Hosts East Zone Regional Abilympics 2025
- সুধাকণ্ঠ ড০ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ চৰকাৰী কাৰ্য্যসূচীৰ সবিশেষ সাংস্কৃতিক মন্ত্রী বিমল বড়াই পৰিয়ালক জনালে
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্যোগত প্ৰাচীন সাঁচিপতিয়া পুথি পঠন আৰু সংৰক্ষণ বিষয়ক কৰ্মশালা সম্পন্ন
- এইচ ডি এফ চি বেংকৰ ভাৰত জিপিটিৰ নিৰ্মাতা কোৰ’ভাৰত বিনিয়োগ
- চৰকাৰী চাৰু-কাৰু কলা মহাবিদ্যালয়ৰ নতুন বিদ্যায়তনিক আৰু পুথিভঁৰাল ভৱন উদ্বোধন
- তামুলপুৰত জ’নেল আৰু ছেক্টৰ বিষয়াৰ প্ৰশিক্ষণ কাৰ্যসূচী