“স্মাৰ্ট পুলিচিং” ৰ ক্ষেত্ৰত দেশৰ ভিতৰতে শীৰ্ষৰ তৃতীয় স্থান কৰিছে অসম আৰক্ষীয়ে। ইণ্ডিয়ান পুলিচ ফাউণ্ডেচনে ” স্মাৰ্ট পুলিচিং” সন্দৰ্ভত দেশৰ ৰাজ্য আৰু কেন্দ্ৰিয়শাসিত অঞ্চল সমূহত চলোৱা এক সমীক্ষাত এই তথ্য প্ৰকাশ পাইছে। মুঠ ১০ ৰ ভিতৰত ৭.৮৯ আহৰণ কৰি অসম আৰক্ষীয়ে এই স্বীকৃতি লাভ কৰিছে। কেৰেলা(৭.৫৩), গুজৰাট(৭.০৪), দিল্লী(৬.৮৫), তামিলনাডু(৬.৭৩), কৰ্ণাটক(৬.৬৯), আৰু মহাৰাষ্ট্ৰ (৬.২৫) ৰ দৰে ৰাজ্য সমূহকো চেৰ পেলাই অসম আৰক্ষীয়ে ”স্মাৰ্ট পুলিচিং” ৰ ক্ষেত্ৰত এই সন্মান বুটলিবলৈ সক্ষম হৈছে। আনহাতে এই সমীক্ষাত প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰিছে ক্ৰমে অন্ধপদেশ (৮.১১) আৰু তেলেংগান(৮.১০) ই। ইণ্ডিয়ান পুলিচ ফাউণ্ডেচন ”স্মাৰ্ট পুলিচিং”ৰ কেবাটাও শিতানত এই সমীক্ষা চলাইছিল।সমীক্ষা চলোৱা শিতান সমূহৰ বেছিভাগতেই অসম আৰক্ষীয়ে শীৰ্ষক তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে।এই সমূহৰ ভিতৰত সংবেদনশীলতা, কঠোৰ আৰু ভাল আচৰণ,নাগৰিকে তাৎক্ষণিক ভাৱে লগ পোৱা, তাৎক্ষণিক প্ৰত্যুত্তৰ নাইবা সমিধান দিয়া ,সহায় আৰু বন্ধুত্বসুলভ পুলিচিং ,নিৰপেক্ষ আৰু আইনগত পুলিচিং ,দায়বদ্ধতা আদি বিভিন্ন শিতানত অসম আৰক্ষীয়ে তৃতীয় স্থান লাভ কৰিছে।ইণ্ডিয়ান পুলিচ ফাউণ্ডেচনে এই শিতানসমূহত দেশৰ আৰক্ষীক মূল্যায়ন কৰাৰ বাবে অনলাইন আৰু প্ৰ-পত্ৰযোগে এই সমীক্ষা চলাইছিল।আই আই টি কানপুৰ,টাটা ইনষ্টিটিউট অৱ ছলিয়েল চায়েন্স মুম্বাইকে ধৰি দেশৰ বিভিন্ন আগশাৰীৰ প্ৰতিষ্ঠান বিশেষজ্ঞক এই সমীক্ষাত জড়িত কৰোৱা হৈছিল।ইণ্ডিয়ান পুলিচ ফাউণ্ডেচন স্মাৰ্ট পুলিচিং সমীক্ষাত দেশৰ ভিতৰত অসম আৰক্ষীয়ে শীৰ্ষক তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হোৱা বাবে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই ৰাজ্যৰ আৰক্ষী বিভাগটোৰ প্ৰতিটো বৰ্ষৰ জোৱান কৰ্মচাৰীক অভিনন্দন জনাইছে।অসম আৰক্ষী এই সফলতা বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিও কৃতজ্ঞতা জ্ঞাপন কৰে।অসম আৰক্ষীক দেশৰ ভিতৰতে স্মাৰ্ট পুলিচিংৰ ক্ষেত্ৰত শীৰ্ষৰ তৃতীয় স্থানত প্ৰতিষ্ঠা কৰি আৰক্ষীৰ কাম কাজৰ ওপৰত ৰাইজে সন্তুষ্টি আৰু বিশ্বাস প্ৰদৰ্শন কৰা বুলি সঞ্চালক প্ৰধান মহন্তই মতপোষণ কৰে।তেওঁ কয় যে মুখ্যমন্ত্ৰীৰ সবল নেতৃত্ব আৰু দিহা পৰামৰ্শমৰ্মে অসম আৰক্ষীয়ে ভৱিষ্যতৰ দিনবোৰতো সকলো ঘাত প্ৰতিঘাত,প্ৰত্যহ্বান নেওচি জনতাৰ হিতৰ বাবে নিষ্ঠা সহকাৰে কৰ্তব্য পালন কৰি যাব আৰু বিভাগ টোৰ সুনাম অক্ষুন্ন ৰখাৰ বাবে অহোপুৰুষাৰ্থ কৰিব।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনত অসমত অনুষ্ঠিত দেশৰ আটাইকেইখন ৰাজ্য সঞ্চালকপ্ৰধান সকলৰ সন্মিলনত স্মাৰ্ট পুলিচিংৰ ধাৰণা ব্যক্ত কৰিছিল।মূলতঃ দেশৰ আৰক্ষীক পদ্ধতিগ ভাৱে সংস্কাৰ সাধন কৰি ৰাইজৰ প্ৰতি অধিক দায়বদ্ধ আধুনিক ,সতৰ্ক, আস্থাভাজন আৰু তাৎক্ষণিক প্ৰত্যুত্তৰ দিব পৰাকৈ সাজু কৰি তোলাটোৱে আছিল স্মাৰ্ট পুলিচিংৰ মূল ধাৰণা।
Trending
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta
- First-Level Randomisation of EVMs and VVPATs Conducted in Barpeta Ahead of Polls
- ১৮ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ সম্পূৰ্ণ প্ৰাৰ্থী তালিকা
- East Jaintia Hills declares 116 villages Child Marriage Free Zones after 100-day campaign