এখন গ্ৰন্থই সমাজৰ মানুহক প্ৰভাৱিত কৰে – ড০ অনিমা চৌধুৰী

0 254

এখন গ্ৰন্থই কেৱল ব্যক্তি জীৱনতে প্ৰভাৱ বিস্তাৰ নকৰে, গ্ৰন্থই এখন সমাজৰ মানুহকো প্ৰভাৱিত কৰে। কিন্তু এখন গ্ৰন্থৰ প্ৰভাৱ এজন ব্যক্তিৰ ওপৰত কেনেকুৱা হ’ব পাৰে সেয়া নিৰ্ভৰ কৰে ব্যক্তিজনৰ নিজা ৰুচি অনুসৰি কেনেকুৱা গ্ৰন্থ নিৰ্বাচন কৰে। গ্ৰন্থ সভ্যতাৰ আত্মা। ইয়াক আমি নি:সন্দেহে মানি ল’বই লাগিব।
আজি গুৱাহাটী প্ৰেছ ক্লাবত অসমৰ বিশিষ্ট প্ৰকাশন প্ৰতিষ্ঠান পৰাগজ্যোতি প্ৰকাশন ৰ উদ্যোগত লেখিকা দুৰ্গামণি বৰগোঁহাইৰ প্ৰবন্ধ গ্ৰন্থ ভিন্ন চিন্তা ভিন্ন স্বাদ আৰু কবি পুতুলী ঠাকুৰীয়া মেধিৰ কাব্যগ্ৰন্থ “বৰ্হমথুৰী” উন্মোচন কৰি প্ৰথিতযশা কন্ঠশিল্পী, ইতিহাস বিভাগৰ অধ্যাপিকা ড০ অনিমা চৌধুৰীয়ে এনেদৰে কয়। ঘুনুচা গগৈ বৰুৱা আৰু চন্দ্রমা ফুকনৰ ঘোষা নাম পৰিবেশনৰে শুভাৰম্ভ কৰা সভাত প্ৰথিতযশা সাহিত্যিক, সাহিত্যসমালোচক ভবানী প্রসাদ অধিকাৰীয়ে অংশ লৈ কয়- উন্নত চিন্তাৰ গ্ৰন্থই সমাজত প্ৰভাৱ পেলায়। কোনো বস্তুৰ স্থিতি নাই, কিন্তু গ্ৰন্থৰ স্থিতি আছে। সময়ৰ তাগিদাত বিশ্বখনৰ পৰিবেশ কৃত্রিম হৈ পৰিছে। মানুহ ইতিবাচক হ’ব লাগে। নেতিবাচক দৃষ্টিভঙ্গিৰে কোনোৱে কাম কৰিব নালাগে। মানুহ কৰ্মমুখী হ’ব লাগে। বৃত্তিমূলক, কৰ্মমুখী শিক্ষাৰ ওপৰত চৰকাৰে গুৰুত্ব দিব লাগে। কবি-সাহিত্যিকসকলেও উন্নত সৃষ্টিশীল মানদণ্ডৰ সাহিত্য সৃষ্টিৰ লগতে নতুন প্রজন্মৰ প্ৰতি গঠনমূলক কাম কিদৰে কৰিব পাৰে তাৰ ওপৰত লেখা-মেলা কৰিব লাগে।” সাংবাদিক, লেখক, প্ৰকাশক দীপক শৰ্মাই গভীৰ ভাৱে আঁত ধৰা সভাত কমলপুৰ বিধান সভা সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই কয় সাহিত্যিক-সাংবাদিক সকলে সমাজৰ পথ নিৰ্ণীয়কৰ ভূমিকা গ্ৰহণ কৰিব লাগে। কবি-সাহিত্যিকসকল সমাজৰ অতন্দ্র চালিকা শক্তি। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপিকা তথা বৰেণ্য লেখিকা ড০ জ্যোৎস্না ৰাউত, বিকালী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা তথা বিশিষ্টা সাহিত্যিক ড০ মলিনা দেৱী ৰাভা, ত্ৰিপুৰা কেন্দ্রীয় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্যই বিশিষ্ট অতিথিৰ ভাষণত সাম্প্রতিক সময়ত সাহিত্য চর্চাৰ গতি-প্ৰকৃতি, লেখিকাসমাজৰ আহি পৰা দায়িত্বৰ সাবলীল ভাষণ দিয়ে। দীপক দাসে জয়ন্ত হাজৰিকাৰ গীত পৰিৱেশন কৰা সভাত পদ্মশ্রী ড০ ৰোমান শৰ্মা, অনাতাঁৰ কেন্দ্র, গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক তথা বিশিষ্ট সুৰকাৰ অৱনী ৰঞ্জন পাঠক, গীতিকাৰ শচীন দাস, সাহিত্যিক ৰত্নেশ্বৰ বসুমতাৰী, দুধনৈ মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ ড০ হৰ কুমাৰ নাথ, মাধ্যমিক শিক্ষা বিভাগৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত সঞ্চালক ড০ অসমী গগৈ, বৰাকৰ শিলচৰ নৰ্মাল স্কুলৰ অধ্যক্ষ মানসী সিনহা, সাহিত্যিক ইন্দ্ৰেশ্বৰ নাথ, কামৰূপ জিলা সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি এম হাছেম পীয়াৰ আদি বিশিষ্ট ব্যক্তিবৰ্গ উপস্থিত থাকি পৰাগজ্যোতি প্ৰকাশনৰ প্ৰচেষ্টাক শলাগ লয়।

Leave A Reply

Your email address will not be published.