অসম ৰোলবল সংস্থাৰ সৌজন্যত চপাইদাং ৰূপালী জনজাতি সংঘৰ খেলপথাৰত ১৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈ যোৱা প্ৰথম বাৰ্ষিক জুনিয়ৰ আৰু ছুপাৰ মিনি আন্তঃজিলা ৰোলবল প্ৰতিযোগিতাত সৰলা বিৰলা জ্ঞান জ্যোতি বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীসকলে কেইবাটাও শাখাত পদক লাভ কৰি বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনে। ছুপাৰ মিনি শাখাত টভিশ জৈন সোণৰ পদক, আনিশ শৰ্মা আৰু দিব্যাংশ কেজৰিৱালে ৰূপৰ পদক লাভ কৰে। জুনিয়ৰ শাখাত মায়ঙ্ক আগৰৱালা ৰূপৰ পদক, মৃদং পাটোৱাৰী, প্ৰাহস্ত গাৰ্গ আৰু তামান্না আগৰৱালে ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ছাত্ৰ ছাত্ৰীসকলৰ এই সাফল্যত বিদ্যালয়ৰ অধ্যক্ষ ড০ দিগন্ত হালদাৰ আৰু বিদ্যালয়ৰ ৰোলবলৰ প্ৰশিক্ষক মানৱ বি মেধিয়ে ছাত্ৰ ছাত্ৰী সকলক অভিনন্দন জনায়।
Trending
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন