সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত চুতীয়া উন্নয়ন পৰিষদ আৰু ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ আতিথ্যত সৰুপথাৰত চুতীয়া জনগোষ্ঠীৰ সাংস্কৃতিক কৰ্মশালা মঙলবাৰৰ পৰা আৰম্ভ হয়। আৰম্ভণী অনুষ্ঠানৰ আঁত ধৰে ধনশিৰি মহকুমাৰ চুতীয়া ছাত্ৰ সন্থাৰ সম্পাদক ৰক্তিম হাজৰীকাই।সতী সাধনীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰাৰ পিছতেই এক বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত সৰুপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জিতুমনি ডেকা, গোলাঘাট জিলা সাংবাদিক সংস্থাৰ সম্পাদক দ্বীপেন বৰা,ধনশিৰি মহকুমাৰ সাংবাদিক সংস্থাৰ সম্পাদক অৱনী শৰ্মা আৰু বৰপথাৰ প্ৰেছ ক্লাৱৰ সম্পাদক বেদান্ত ভাৰ্গৱকে প্ৰমূখ্য কৰি কেইবাজনো ব্যক্তি উপস্থিত থাকে।উল্লেখ্য যে প্ৰশিক্ষনত ৰাজীৱ চুতীয়া, দেইজী চুতীয়া আৰু লুনা চুতীয়া মূখ্য প্ৰশিক্ষক হিচাবে উপস্থিত থাকিব বুলি জানিব পৰা গৈছে।প্ৰশিক্ষনত প্ৰায় অৰ্ধ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহন কৰিব বুলি ধনশিৰি মহকুমাৰ চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি অভিজিত শইকীয়াই জানিবলৈ দিয়ে।
Trending
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta
- First-Level Randomisation of EVMs and VVPATs Conducted in Barpeta Ahead of Polls
- ১৮ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ সম্পূৰ্ণ প্ৰাৰ্থী তালিকা