সৰ্বভাৰতীয় বন ক্ৰীড়া সমাৰোহত বনমন্ত্ৰীয়ে সম্বৰ্ধনা জনালে

0 221

চলিত ৩ মাৰ্চৰ পৰা ৭ মাৰ্চলৈ ৫ দিনীয়াকৈ উৰিষ্যাৰ ভুৱনেশ্বৰত অনুষ্ঠিত হোৱা ২৫ তম সৰ্বভাৰতীয় বনক্ৰীড়া সন্মিলন,২০২০ত ১১ টা পদকপ্ৰাপ্ত ৭ জন খেলুৱৈ বনবিষয়া কৰ্মচাৰীক আজি গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত অৰণ্য ভৱনত বনমন্ত্ৰী  পৰিমল শুক্লবৈদ্যই সম্বৰ্ধনা জ্ঞাপন কৰে।
 
 
আজিৰ এই অনুষ্ঠানত অসমৰ প্ৰধান মুখ্য বন সংৰক্ষক আৰু  বন মুৰব্বী এ এম সিং তথা বনবিভাগৰ প্রায় সকলোবোৰ উচ্চপদস্থ বনবিষয়া উপস্থিত থাকে। সভাৰ আঁত ধৰে চি অফ চন্দন কুমাৰ বৰাই।
 
২৫ তম সৰ্বভাৰতীয় বন ক্ৰীড়া সন্মিলন,২০২০ত এইবাৰ অসম বন বিভাগৰ পৰা ৪২ জনীয়া এটি বিষয়া কৰ্মচাৰীৰে গঠিত খেলুৱৈৰ দলে যোগদান কৰিছিল। দলটোৱে এইবাৰ সর্বশ্রেষ্ঠ প্ৰদৰ্শন দাঙি ধৰি ভাৰতৰ ভিতৰত ১৬ নং স্থান দখল কৰিবলৈ সক্ষম হয়।
 
অসম বন বিভাগৰ দলটোৱে ৪ টা সোন, ৩ টা ৰূপ আৰু ৪ টা তামৰ পদকসহ সৰ্বমুঠ ১১ টা পদকেৰে সৰ্বভাৰতীয় পৰ্যায়ত অসমৰ স্থিতি সবল কৰিবলৈ সক্ষম হৈছে।
 
ভাৰত্তোলনৰ ৰেঞ্জাৰ ৰবীন বৈশ্যই জ্যেষ্ঠ প্ৰবীণ, প্ৰবীণ শাখাত এটাকৈ মুঠ ২ টা সোণৰ পদক আৰু মুকলি শাখাত ১ এটা তামৰ পদকেৰে সৰ্বমুঠ ৩ টা পদক, দিগন্ত বৰাই শ্বট পুটৰ জ্যেষ্ঠ প্ৰবীণ শাখাত ১ টা সোণৰ পদক, বিজয় চেতিয়া পাত্ৰই প্ৰবীণ শাখাৰ শ্বট পুটত টা সোণৰ পদক, দিস্কাছ থ্ৰত ১টা ৰূপৰ, হাম্মাৰ থ্ৰত ১ টা তামৰ পদক, ভাৰত্তোলনত নয়নমণি শইকীয়া আৰু শংকৰ বৰাই ১ টাকৈ ৰূপৰ পদক, ১০০ মিটাৰ দৌৰত আজিজুল হকে ১ টা তামৰ পদক, ১৫০০ মিটাৰ দৌৰত ডম্বৰু অধিকাৰীয়ে ১ টা তামৰ পদক অর্জন কৰে।
 
এই অনুষ্ঠানত বনমন্ত্ৰী শুক্লবৈদ্যই ভাষণ দি কয় যে দেহ মন শৰীৰ সুস্থ থাকিলেহে কৰ্মস্পৃহা বাঢ়ে। খেলে মানুহৰ দেহ মন সুস্থ সবল কৰি ৰাখে। আমি সকলোৱে নিজ নিজ পৰিসীমা ক্ষেত্ৰত খেলত প্ৰাধান্য দি খেলুৱৈ সূচক মানসিকতাৰে কাম কৰা উচিত।
 
অনুষ্ঠানত সৰ্বসন্মতিক্রমে প্ৰতিবছৰে অসম বনক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ মনস্থ কৰে হয়।বনমন্ত্ৰী শুক্লাবৈদ্যই অসম বন বিভাগৰ সৰ্বাঙ্গীন উন্নতিৰ বাবে এ এম সিং আৰু আন আন বনবিষয়া সকলক আঁচনি প্ৰস্তুত কৰিবলৈ কয়।
 
তেখেতে পদকপ্ৰাপ্ত খেলুৱৈ সকলক পদোন্নতি তথা অন্যান্য সা-সুবিধা দিয়াৰ বাবে চৰকাৰী বিধি প্ৰস্তুত আৰু  সংশোধন কৰিবলৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।

Leave A Reply

Your email address will not be published.