ক’ৰণাক প্ৰতিহত কৰাৰ বাবে পৌৰ নিগমে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে

0 244

এতিয়াৰ পৰা য’তে ত’তে থু-খেকাৰ পেলালে জৰিমনা দিব লাগিব।তেনে লোক ওপৰত আইনে ব্যৱস্থা লোৱা হ’ব।এই সম্পৰ্কে যোৱা মংগলবাৰে জাননী জাৰি কৰিছে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তই।
 
শেহতীয়াকৈ বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰিছে ক’ৰণা ভাইৰাছে।থু-খেকাৰৰ জৰিয়তেও ক’ৰণাৰ ভাইৰাছ সংক্ৰমণ হ’ব পাৰে।সেয়েহে  এনে ব্যৱস্থা কৰা হৈছে ।
 
জাননী খনত কোৱা হৈছে যে গোটা আৱৰ্জনা বিধি ২০১৬ আৰু গুৱাহাটী পৌৰ নিগম আইন ১৯৭১ অনুসৰি ৰাজহুৱা স্থান ,পদপথ,পথ বিভাজন আদিত থু -খেকাৰ,পিক পেলোৱাটো অপৰাধ।লগতে কোৱা হৈছে যে মহানগৰীখন পৰিস্কাৰ কৰি ৰখাৰ বাবে পৌৰ নিগমে ফ্লায়িং স্কুৱাদ নিযুক্ত কৰিছে আৰু দোষী ব্যক্তিক শাস্তি বিহাৰ ব্যৱস্থা কৰিছে।
 
স্মৰ্তব্য যে  এই আইন খন সঠিক ৰূপত কাৰ্য্যকৰী হ’লেহে এখন পৰিষ্কাৰ গুৱাহাটী আশা কৰিব পাৰি ।

Leave A Reply

Your email address will not be published.