চ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে এগৰাকী অৰুণাচলী যুৱতীৰ ফটো

0 248

অলপতে চ’চিয়েল মেডিয়াত  ভাইৰেল হৈ পৰিছে  এগৰাকী অৰুণাচলী যুৱতী।যুৱতী গৰাকীৰ নাম নিকি লেগ’।যুৱতী গৰাকীয়ে ২০১৯ বৰ্ষৰ জুন মাহত আমেৰিকাৰ সেনা বাহিনীত যোগদান কৰিছিল।কিন্তু শেহতীয়াকৈ আমেৰিকান সেনা বাহিনীৰ ইউনিফৰ্ম পৰিহিত এখন ফটো চ’চিয়েল মেডিয়াত আপলোড কৰাৰ পিছতেই যুৱতী গৰাকীয়ে চৰ্চা লাভ কৰে।
 
 
 
সামাজিক মাধ্যমত ফটো ভাইৰেল হোৱাৰ পিছতেই নিকিক বিভিন্ন জনে ফেচবুক আৰু টুইটাৰৰ জৰিয়তে অভিনন্দন জনোৱাৰ পৰিলক্ষিত হৈছে ।উল্লেখযোগ্য যে নিকিয়ে পাছিঘাটৰ ছিয়াং মডেল স্কুলৰ পৰা শিক্ষা আৰম্ভ কৰিছিল।বিভিন্ন প্ৰতিষ্ঠানৰ লগতে গুগলৰ জনসম্পৰ্কৰক্ষী বিষয়া হিচাপে কিছুদিন কাম কৰাৰ পিছত আমেৰিকান সেনা বাহিনীত যোগদান কৰিছিল।যোৱা ৫মাৰ্চ প্ৰশিক্ষণ সমাপ্ত কৰি আমেৰিকাৰ জৰ্জিয়াৰ মাৰ্কিন সেনা বাহিনীৰ এগৰাকী বিষয়া হিচাপে কৰ্মৰত হৈ আছে ।

Leave A Reply

Your email address will not be published.