হাজোৰ উদীয়মান শিল্পী প্ৰাণজিত দাসৰ প্ৰচেষ্টাত হয়গ্ৰীৱ আৰ্টছ নামৰ সাংস্কৃতিক দলৰ আত্মপ্ৰকাশ

0 250

হাজো বুৰঞ্জী প্ৰসিদ্ধ ঠাই । তীৰ্থনগৰী হিচাপেও খ্যাত হাজো । সাংস্কৃতিক ক্ষেত্ৰতো আছে হাজোৰ এক গৌৰৱোজ্বল ইতিহাস । হাজোতেই জন্ম হৈছিল পূৰ্বজ্যোতি থিয়েটাৰ আৰু যাত্ৰিক থিয়েটাৰ । কৰুণাকান্ত মজমদাৰ, হৰেণ পালোৱান, লক্ষীনন্দন মজুমদাৰ, কমলাকান্ত মালাকৰৰ দৰে শিল্পীৰো জন্মস্থান হাজো ।
 
 
এই স্বনামধন্য শিল্পীসকলৰ প্ৰতিভাক অনুকৰণ কৰি হাজোত জন্ম পাইছে হয়গ্ৰীৱ আৰ্টচ নামৰ এটি সাংস্কতিক গোষ্ঠী । উদীয়মান শিল্পী প্ৰাণজিত দাসৰ প্ৰচেষ্টাত শিশুৰ পৰা বয়োজেষ্ঠজনলৈ প্ৰায় দুকুৰি শিল্পী অভিনয়ৰ লগত ব্যস্ত হৈ পৰিছে । হয়গ্ৰীৱ আৰ্টচৰ বেনাৰত প্ৰাণজিত দাসৰ পৰিচালনাত নিৰ্মাণ হোৱা ছুটি ছবিসমূহ মুক্তি দিয়া হয় ইউটিউব আৰু ফেইচবুকযোগে । মাত্ৰ এটা ম’বাইল ফোনেৰে ৰেকৰ্ডিং, এডিটিং কৰি প্ৰাণজিতে প্ৰস্তুত কৰি উলিয়াইছে এই ছবিসমূহ । বিশেষকৈ থলুৱা ভাষাক প্ৰাধান্য দি নিৰ্মাণ কৰা ছবিসমূহ একচনধৰ্মী আৰু ব্যংগাত্মক।
 
তীৰ্থ নগৰী হাজোৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য্যৰ বিভিন্ন লোকেচনত হয়গ্ৰীৱ আৰ্টছৰ চুটি ছবি সমূহৰ ৰেকৰ্ডিং হৈছে। প্ৰাণজিত দাসৰ নিৰ্দেশনাত অভিনয় কৰা প্ৰবীণ শিল্পীসকলেও উদীয়মান শিল্পীগৰাকীৰ প্ৰচেষ্টাক শলাগ লৈছে। হয়গ্ৰীৱ আৰ্টছ”ৰ লগত জড়িত শিল্পী সকলৰ নাম – অজিত মালাকৰ, সপোন কলিতা, ৰমেশ দাস, ৰাহুল দেব, ৰবিন দাস, ৰবিন বৈশ্য, ধীৰাজ বৈশ্য, প্ৰানজিৎ দাস, পবিত্ৰী বৰুৱা, অনিভা কলিতা, জামিনী কলিতা, অঞ্জু দাস, অঞ্জনা দত্ত, প্ৰসেনজিত শৰ্মা, বিপ্লৱ কলিতা, ৰুপম কলিতা, পল্লৱ কলিতা, জয়ন্ত মাধৱ শৰ্মা, অপূৰ্ব শৰ্মা, নিতু দাস, চিন্ময় বৰুৱা, বিমল দাস, পৰীস্মিতা দাস, ৰেজেক, বিকাশ ভৰালী, ধ্ৰুৱজ্যোতি বৈশ্য,
শিশু শিল্পী – অবিনাশ, বিশাল, গুন্জল, নিৰব, অনুস্মিতা । প্ৰাণজিত দাসৰ নেতৃত্বত হয়গ্ৰীৱ আৰ্টছৰ শিল্পীসকলে হাজোক পুনৰ সাংস্কৃতিক ক্ষেত্ৰত চহকী কৰিব পাৰিব বুলি হাজোৰ সাংস্কৃতিক মহল আশাবাদী।
খবৰ যুগুতালে হাজোৰ পৰা দিপাংকৰ মজুমদাৰে

Leave A Reply

Your email address will not be published.