প্ৰত্যেক বছৰৰ দৰেই এইবাৰো নিৰ্বাচন কেন্দ্ৰিক ভৱিষ্যতবাণী কৰিছিল যাদুসম্ৰাট বিক্ৰমে। যাদুসম্ৰাট বিক্ৰমে কলাৰ জৰিয়তে ২০১৪ চনৰ পৰা নিৰ্বাচনৰ ফলাফলৰ ভৱিষ্যতবাণী কৰি আহিছে। যোৱা ২২ এপ্ৰিলত যাদুকৰ বিক্ৰমে বিধানসভা নিৰ্বাচনৰ ফলাফলৰ সম্পৰ্কত ভৱিষ্যতবাণী কৰি ফলাফল সমূহ এটা বাকচত প্ৰেছ ক্লাবত ৰাখিছিল। সেই বাকছটো ৭ টা সংবাদ প্ৰতিষ্ঠানৰ ৭ গৰাকী সাংবাদিকে তলা ছাবি মাৰি বাকছটো বন্ধ কৰিছিল। আৰু সেই বাকছটো আজি আনুষ্ঠানিক ভাৱে সংবাদ মাধ্যমৰ আগত বিক্ৰমে মুকলি কৰে। উল্লেখযোগ্য যে বিক্ৰমে ভৱিষ্যতবাণী কৰা প্ৰায় ১০০ শতাংশ ভৱিষ্যতবাণী সচাঁ হৈছে। ইয়াৰ সমান্তৰালকৈ যাদুৰ সম্ৰাট গৰাকীয়ে কয় যে ৬৪ কলাৰ ভিতৰত অন্যতম যাদুকলাক অসম চৰকাৰে যাতে চকু মেলি চাই, এই কলাক মাহী আইৰ দৃষ্টিৰে চোৱা যাতে বন্ধ কৰি স্বীকৃতি প্ৰদান কৰে আৰু এই কলাক আগুৱাই নিয়াত যাতে সহযোগিতা আগবঢ়াই তাৰ বাবে অনুৰোধ জনায়। জানিব পৰা মতে বিক্ৰম আৰু দলে সমষ্টি ভিত্তিত পৰিৱেশ পৰ্যবেক্ষণ কৰি আৰু প্ৰাৰ্থীৰ লগত কথা বতৰা পাতিৰ এই নিৰ্বাচনৰ ফলাফলৰ ভৱিষ্যতবাণী কৰিছিল।
Trending
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন