প্ৰত্যেক বছৰৰ দৰেই এইবাৰো নিৰ্বাচন কেন্দ্ৰিক ভৱিষ্যতবাণী কৰিছিল যাদুসম্ৰাট বিক্ৰমে। যাদুসম্ৰাট বিক্ৰমে কলাৰ জৰিয়তে ২০১৪ চনৰ পৰা নিৰ্বাচনৰ ফলাফলৰ ভৱিষ্যতবাণী কৰি আহিছে। যোৱা ২২ এপ্ৰিলত যাদুকৰ বিক্ৰমে বিধানসভা নিৰ্বাচনৰ ফলাফলৰ সম্পৰ্কত ভৱিষ্যতবাণী কৰি ফলাফল সমূহ এটা বাকচত প্ৰেছ ক্লাবত ৰাখিছিল। সেই বাকছটো ৭ টা সংবাদ প্ৰতিষ্ঠানৰ ৭ গৰাকী সাংবাদিকে তলা ছাবি মাৰি বাকছটো বন্ধ কৰিছিল। আৰু সেই বাকছটো আজি আনুষ্ঠানিক ভাৱে সংবাদ মাধ্যমৰ আগত বিক্ৰমে মুকলি কৰে। উল্লেখযোগ্য যে বিক্ৰমে ভৱিষ্যতবাণী কৰা প্ৰায় ১০০ শতাংশ ভৱিষ্যতবাণী সচাঁ হৈছে। ইয়াৰ সমান্তৰালকৈ যাদুৰ সম্ৰাট গৰাকীয়ে কয় যে ৬৪ কলাৰ ভিতৰত অন্যতম যাদুকলাক অসম চৰকাৰে যাতে চকু মেলি চাই, এই কলাক মাহী আইৰ দৃষ্টিৰে চোৱা যাতে বন্ধ কৰি স্বীকৃতি প্ৰদান কৰে আৰু এই কলাক আগুৱাই নিয়াত যাতে সহযোগিতা আগবঢ়াই তাৰ বাবে অনুৰোধ জনায়। জানিব পৰা মতে বিক্ৰম আৰু দলে সমষ্টি ভিত্তিত পৰিৱেশ পৰ্যবেক্ষণ কৰি আৰু প্ৰাৰ্থীৰ লগত কথা বতৰা পাতিৰ এই নিৰ্বাচনৰ ফলাফলৰ ভৱিষ্যতবাণী কৰিছিল।
Trending
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত