এয়া ডিজিটেল যুগ। যুগৰ সৈতে মিলি এতিয়া সংবাদ মাধ্যমো ক্ৰমাৎ ডিজিটেল হৈ পৰিছে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো গঢ় লৈ উঠিছে ইটোৰ পিছত আনটো ডিজিটেল সংবাদ প্ৰতিষ্ঠান। বাতৰি কাকত আৰু টিভি চেনেলসমূহেও ডিজিটেল মিডিয়াৰ ক্ষেত্ৰখনত ভৰি থৈছে। এনে পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ ডিজিটেল মিডিয়াৰ সৈতে জড়িত সাংবাদিক আৰু সংবাদকৰ্মীসকলৰ সুৰক্ষাৰ বাবে যোৱা ১৫ ফেব্ৰুৱাৰীত গঠন কৰা হৈছিল ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰাম, অসম। গঠনৰ পিছৰে পৰা বিভিন্ন কাৰ্যসূচী হাতত লৈ অহা ফ’ৰামে এইবাৰ অসমৰ চুকে-কোণে থকা ডিজিটেল মিডিয়াৰ সৈতে জড়িত সাংবাদিক আৰু সংবাদকৰ্মীসকলৰ অভাৱ-অভিযোগৰ বুজ ল’বলৈ এখন বিশেষ সাধাৰণ সভাৰ আয়োজন কৰিছে। অহা ১০ আগষ্ট, বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত দিনৰ ১১ বজাত অনুষ্ঠিত হবলগীয়া এই সভাত ৰাজ্যখনৰ ডিজিটেল মিডিয়াৰ সৈতে জড়িত প্ৰতিগৰাকী সাংবাদিক আৰু সংবাদকৰ্মীৰ উপস্থিতি কামনা কৰিছে ফ’ৰামৰ সভাপতি বেদব্ৰত বৰা আৰু সাধাৰণ সম্পাদক নৱজ্যোতি কলিতাই। সভাত কেন্দ্ৰ চৰকাৰৰ প্ৰস্তাৱিত নতুন ডিজিটেল মিডিয়া আইনৰ লগতে ডিজিটেল মিডিয়াৰ সাংবাদিকসকলে সততে সন্মুখীন হৈ অহা প্ৰত্যাহ্বান তথা আন একাধিক গুৰুত্বপূৰ্ণ বিষয় সম্পৰ্কে আলোচনা কৰা হ’ব বুলি জানিবলৈ দিছে আয়োজকসকলে।
Trending
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই