বিগত দুটা বছৰ মহামাৰী ক’ভিড সৃষ্ট পৰিৱেশ অতিক্ৰম কৰাৰ পিছতে পুণৰ নাট্যজগতত অভিনৱ প্ৰচেষ্টাৰে ২০২২-২৩ নাট্য বৰ্ষৰ মনোজ দাসৰ ব্যয়বহুল প্ৰযোজনাৰে দক্ষিণ কামৰূপৰ পলাশবাৰীৰ জজি-জটীয়াত নাট্যদল ‘যুগান্তৰ’ৰ আখৰাৰ আজি আনুষ্ঠানিকভাৱে শুভ মহুৰৎ কৰা হয়। এই উপলক্ষে অনুষ্ঠিত হোৱা সভাৰ আঁতধৰে শিল্পী মনোজ দাসে। অনুষ্ঠানত অভিনেতা তথা পৰিচালক দিলিপ দাসৰ ৰচনাৰে ‘নাগৰাজ’ নাটখন শুভ-উদ্বোধন কৰে পৰিচালক দিলিপ দাসে আৰু আন এখন নাট ‘প্ৰেম বন্ধন’ শুভ-উদ্ধোধন কৰে অৱসৰ প্ৰাপ্ত শিক্ষক কুশল চন্দ্ৰ বৰুৱাই। উক্ত নাট দুখনৰ পৰিচালনা কৰিব দিলিপ দাস আৰু হিতেশ চৌধুৰীয়ে। সংগীত ব্যৱস্থাপনা কৰিব অমৰেন্দ্ৰ পাটোৱাৰীয়ে। লগতে নাট্যদলটিত সংগীতত সুৰৰ ঝংকাৰ তুলিব কণ্ঠশিল্পী বাপন ৰাভাই। এইবেলি নাট্যদলটিত অভিনয় কৰিব বিমল তালুকদাৰ, জয়ন্ত দাস, যোগমোহন চৌধুৰী, দিবাকৰ দাস, জয়ন্ত ঠাকুৰীয়া, সংগীতা কুমাৰী ধৰি বহু কেইজন নবীন-প্ৰবিন অভিনেতাই। মহুৰৎ অনুষ্ঠানত উপস্থিত থাকি পৰিচালক জোন দাস, বিপুল দাস, গৌতম দাস, হিতেশ চৌধুৰী, সমাজ সেৱক নিলমণি তালুকদাৰ, দিপক তালুকদাৰ, পুতুল বৈশ্য উপস্থিত থাকি যাত্ৰা পাৰ্টিৰ বিভিন্ন দিশ ভাষণ প্ৰসঙ্গত উল্লেখ কৰে। অনুষ্ঠানত প্ৰতিষ্ঠাপক প্ৰযোজক পূৰ্ণ কান্ত ডেকা, ব্যৱস্থাপক বিমল তালুকদাৰ, সম্পাদক জয়ন্ত দাসসহ নাট্যদলটিৰ কলা-কুশলীসকল উপস্থিত থাকি নাট্যবৰ্ষটিত দুয়োখন নাটকেই ৰাইজে আদৰি লব বুলি আশা প্ৰকাশ কৰে।
Trending
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন