১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

0 262

এয়া ডিজিটেল যুগ। যুগৰ সৈতে মিলি এতিয়া সংবাদ মাধ্যমো ক্ৰমাৎ ডিজিটেল হৈ পৰিছে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো গঢ় লৈ উঠিছে ইটোৰ পিছত আনটো ডিজিটেল সংবাদ প্ৰতিষ্ঠান। বাতৰি কাকত আৰু টিভি চেনেলসমূহেও ডিজিটেল মিডিয়াৰ ক্ষেত্ৰখনত ভৰি থৈছে। এনে পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ ডিজিটেল মিডিয়াৰ সৈতে জড়িত সাংবাদিক আৰু সংবাদকৰ্মীসকলৰ সুৰক্ষাৰ বাবে যোৱা ১৫ ফেব্ৰুৱাৰীত গঠন কৰা হৈছিল ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰাম, অসম। গঠনৰ পিছৰে পৰা বিভিন্ন কাৰ্যসূচী হাতত লৈ অহা ফ’ৰামে এইবাৰ অসমৰ চুকে-কোণে থকা ডিজিটেল মিডিয়াৰ সৈতে জড়িত সাংবাদিক আৰু সংবাদকৰ্মীসকলৰ অভাৱ-অভিযোগৰ বুজ ল’বলৈ এখন বিশেষ সাধাৰণ সভাৰ আয়োজন কৰিছে। অহা ১০ আগষ্ট, বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত দিনৰ ১১ বজাত অনুষ্ঠিত হবলগীয়া এই সভাত ৰাজ্যখনৰ ডিজিটেল মিডিয়াৰ সৈতে জড়িত প্ৰতিগৰাকী সাংবাদিক আৰু সংবাদকৰ্মীৰ উপস্থিতি কামনা কৰিছে ফ’ৰামৰ সভাপতি বেদব্ৰত বৰা আৰু সাধাৰণ সম্পাদক নৱজ্যোতি কলিতাই। সভাত কেন্দ্ৰ চৰকাৰৰ প্ৰস্তাৱিত নতুন ডিজিটেল মিডিয়া আইনৰ লগতে ডিজিটেল মিডিয়াৰ সাংবাদিকসকলে সততে সন্মুখীন হৈ অহা প্ৰত্যাহ্বান তথা আন একাধিক গুৰুত্বপূৰ্ণ বিষয় সম্পৰ্কে আলোচনা কৰা হ’ব বুলি জানিবলৈ দিছে আয়োজকসকলে।

Leave A Reply

Your email address will not be published.