অসম প্ৰদেশ মহিলা মৰ্চাৰ ৰাজ্যিক প্ৰশিক্ষণ শিবিৰৰ সফল সমাপন

0 279

ভাৰতীয় জনতা পাৰ্টি মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী আঙুৰলতা ডেকাৰ নেতৃত্বত দুদিনীয়া কাৰ্যসূচীৰে ৬ আৰু ৭ আগষ্টত কাঁহিকুছিৰ এচ আই পি আৰ ডি ত অনুষ্ঠিত মহিলা মৰ্চাৰ ৰাজ্যিক প্ৰশিক্ষণ শিবিৰৰ সফলতাৰে সম্পন্ন হয়। বিভিন্ন জিলাৰ পৰা অহা প্ৰায় ২০০ গৰাকী মহিলাৰ অংশগ্ৰহণেৰে আয়োজিত এই প্ৰশিক্ষণ শিবিৰৰ শুভাৰম্ভ কৰে ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ।ভাষন প্ৰসংগত ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কাৰ্যকৰ্তা নিৰ্মাণৰ প্ৰথম উপাদানেই হৈছে প্ৰশিক্ষণ বুলি উল্লেখ কৰি প্ৰশিক্ষণৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰে।

দুদিনীয়াকৈ আয়োজিত এই প্ৰশিক্ষণ শিবিৰত বৰ্গাধিকাৰী হিচাপে উপস্থিত থাকে বিজেপি মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্য্যনিৰ্বাহক সদস্যা অকনি দেৱী। এই প্ৰশিক্ষণ শিবিৰত বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক দ্বয় দিপ্লুৰঞ্জন শৰ্মা, পুলক গোহাঁই, ৰাজ্যিক মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মা, ৰাজ্যিক উপ-সভাপতি অজয় কোঁৱৰ, অসম চৰকাৰৰ মন্ত্ৰী দ্বয় জয়ন্ত মল্ল বৰুৱা, পিযুষ হাজৰিকা জ্যেষ্ঠ নাগৰিক কল্যান পৰিষদৰ অধ্যক্ষ ড°প্ৰদীপ ঠাকুৰীয়া, আইনজীৱি তথা ৰাষ্ট্ৰীয় সেৱিকা সমিতিৰ উত্তৰ অসম প্ৰান্তৰ সহ কাৰ্যবাহিকা সিমন্তিনী বৰুৱা, অধিবক্তা উমি ডেকা, গুৱাহাটি লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, বিজেপি মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় সম্পাদিকা ঐশ্বৰ্য বিশ্বাল, ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ উত্তৰ অসম প্ৰান্ত: সহ ক্ষেত্ৰ প্ৰচাৰক অসম ক্ষেত্ৰৰ শ্ৰীযুত বশিষ্ট বুজৰবৰুৱা সমল ব্যক্তি হিচাপে উপস্থিত থাকি বিভিন্ন বিষয়ত বক্তব্য আগবঢ়ায়।

কাৰ্য্যকৰ্তা নিৰ্মাণৰ উপৰিও মহিলা সকলক আত্মনিৰ্ভৰ তথা মহিলা সবলীকৰণৰ ক্ষেত্ৰত এই প্ৰশিক্ষণে সহায় কৰিব বুলি আশা প্ৰকাশ কৰে বিজেপি মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী আঙুৰলতা ডেকাই।

Leave A Reply

Your email address will not be published.