চিনাকী চতিয়াৰ এগৰাকী যুৱ শিল্পী – ভাওনাৰ পোছাক , মুকুট নিৰ্মাতাৰূপে জনপ্ৰিয় এগৰাকী শিল্পী

0 259

চতিয়াৰ এগৰাকী যুৱ শিল্পী৷ নাম বিকাশ দাস৷এটি দৰিদ্ৰ পৰিয়ালৰ সদস্য বিকাশ৷দৰিদ্ৰতাৰ বাবেই উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হৈও কলেজীয়া শিক্ষা সমাপ্ত কৰিবলৈ নোৱাৰি আত্মনিৰ্ভৰশীল হোৱাৰ দিশে আগবাঢ়িল এই গৰাকী যুৱ শিল্পী ৷ ধন উপাৰ্জনৰ বাবে ভাৰতীয় সেনাবাহিনীত অস্থায়ীভাৱে কেইমাহমানৰ বাবে সেৱাত নিয়োগ হৈ উপাৰ্জন কৰা সেই ধনৰ এটা অংশৰে আৰম্ভ কৰিছিল এক ব্যৱসায় ৷ আৰু আজিৰ দিনত অঞ্চলটোত হৈ পৰিছে এক জনপ্ৰিয় শিল্পী পোচাক নিৰ্মাতা বিকাশ দাস৷সৰুৰেপৰা বাঁহ বেতৰে সৰুসুৰা দুই এপদ বস্তু নিৰ্মাণ,ভাওনাৰ ভাওৰ বাবে নিজাকৈ নিৰ্মাণ কৰিছিল মুকুট আৰু এই কাৰ্য্যত যথেষ্ট সমাদৰ লাভ কৰিছিল৷এইদৰে এগৰাকী শিল্পীৰ গুণৰ অধিকাৰী বিকাশে নিতৌ ন ন পোচাকৰ লগতে মুকুট আদি নিৰ্মাণ কৰি সকলোৰে মাজত এক জনপ্ৰিয় পোচাক নিৰ্মাতা হৈ পৰিল ৷ আজিৰ দিনত বিকাশে এদিনত দুই-তিনিখনকৈ ভাওনাৰ পোচাক যোগান ধৰিবলৈ সক্ষম ৷ অঞ্চলটোৰ ভাওনা-ৰাসৰ আদিৰ উপৰিও বিশ্বনাথ চাৰিআলি ,গহপুৰ ,তেজপুৰ আদিতো বিকাশ পোচাক ভাণ্ডাৰে সমাদৰ লাভ কৰিছে ৷ নিতৌ ন ন ৰূপত নিৰ্মাণ কৰি উলিয়াইছে মুকুট , পোচাক আদিৰ লগতে ভাওনাত ব্যবহৃত সামগ্ৰী ৷ ইয়াৰোপৰি বিবাহ , সভা আদিত সাজসজ্জাৰ কামো বিকাশ পোচাক ভাণ্ডাৰৰ পৰাই হয় ৷তাৰোপৰি ভাওনা-ৰাসৰ মেকআপ আৰ্টিষ্ট হিচাপেও বিকাশৰ স্থান সুকীয়া ৷বিকাশে আজিৰ দিনত স্বনিৰ্ভৰশীল হোৱাৰ উপৰিও আন দুই চাৰি যুৱক-যুৱতীক সংস্থাপন দিবলৈ সক্ষম হৈছে৷

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Leave A Reply

Your email address will not be published.