এপেক্স গ্ৰপ অব কোম্পানীৰ অধীনৰ এপেক্স য়াৰ্ন প্ৰাইভেট লিমিটেড, অশোকা উইভিং প্ৰাইভেট লিমিটেড আৰু আটলাণ্টা মডুলাৰ প্ৰাইভেট লিমিটেড নামৰ উদ্যোগ প্ৰতিষ্ঠান কেইটাৰ দিনজোৰা কাৰ্যসূচীৰে গুৱাহাটীৰ বৰাগাঁৱত ৰূপালী জয়ন্তী উদযাপন কৰা হয়। সাংবাদিক ভগৱান দাসে আত ধৰা অনুষ্ঠানটিৰ পুৱাই উদ্যোগ কেইটাৰ সঞ্চালকদ্বয় দ্বীপজ্যোতি মহন্ত আৰু মিলি মহন্তই বৃক্ষৰোপণ কৰাৰ পিছত এক বিশেষ সম্বৰ্ধনা কাৰ্যসূচী আৰম্ভ হয়। সঞালক দ্বীপজ্যোতি মহন্ত আৰু মিলি মহন্তই উদ্যোগ কেইটাত জন্ম লগ্নৰে পৰা আজিলৈ কৰ্মৰত প্ৰায় ৩০ গৰাকী লোকক বিশেষ ভাৱে সম্বৰ্ধনা জনায়। তাৰ পিছতে ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে এটি বৃহৎ আকাৰৰ কেক কাটে দ্বীপজ্যোতি মহন্ত আৰু মিলি মহন্তই। তাৰ পিছতেই দ্বীপজ্যোতি মহন্তই উদোগ কেইটাৰ সৈতে জড়িত সকলো কৰ্ম্মচাৰী শুভেচ্ছা জ্ঞাপন কৰি তেওঁলোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ আস্বাস প্ৰদান কৰে। উল্লেখ্য যে, ১৯৯৭ চনৰ ৭ আগষ্ট গুৱাহাটীৰ বৰাগাঁৱত স্থানত হোৱা এপেক্স গ্ৰুপ অব কোম্পানীয়ে উদযাপন কৰে ৰূপালী জয়ন্তী দিৱস। ভাৰতবৰ্ষৰ উত্তৰ পূব প্ৰান্তৰ একমাত্ৰ ব্যক্তিগতখণ্ডৰ মৰাপাট উদ্যোগটোৱে মৰাপাটৰ বিভিন্ন বেগ প্ৰস্তুত কৰাত গুৰুত্ব আৰোপ কৰি আহিছে। তদুপৰি এই প্ৰতিষ্ঠানটোৱে উত্পাদিত সামগ্ৰীসমূহ বিতৰণৰ বাবেও বিশেষ পদক্ষেপ গ্ৰহণ কৰি আহিছে। আনহাতে এই প্ৰকল্পটোৱে উত্তৰ পূব ভাৰতত একমাত্ৰ জৈৱিক মৰাপাট উদ্যোগ হিচাপে পৰিগণিত হোৱাৰ লগতে অসমৰ প্ৰায় ৫ হাজাৰ লোক প্ৰত্যক্ষভাৱে এই উদ্যোগটোৰ লগত জৰিত হৈ আহিছে। উল্লেখযোগ্য যে বি-টুইল হায়ড্ৰ কাৰ্বনমুক্ত মৰাপাটৰ বেগ উত্পাদন কৰি থকা এপেক্স গ্ৰুপ অব কোম্পানীৰ অধীনস্থ তিনিটাকৈ কোম্পানী ক্ৰমে এপেক্স য়াৰ্ণ প্ৰাইভেট লিমিটেড, অশোকা উইভিং প্ৰাইভেট লিমিটেড আৰু আটলাণ্টা মডুলাৰ প্ৰাইভেট লিমিটেড। এই তিনিটা কোম্পানীৰ প্ৰাৰম্ভিক উত্পাদন ক্ষমতা বৰ্তমান ৫ টন। মন কৰিবলগীয়া যে, উত্তৰ গুৱাহাটীৰ ৰাজহ চক্ৰৰ অন্তৰ্গত মান্দাকাটাস্থিত ডি. জে এগ্ৰ’ ইণ্ডাষ্ট্ৰীয়েল প্ৰাইভেট লিমিটেডৰ লগত হোৱাৰ বাবে ইয়াৰ দৈনিক উত্পাদন ক্ষমতা হৈছে ১০০০ টন। ২০২০চনত দীপজ্যোতি মহন্ত আৰু মিলি মহন্তৰ প্ৰচেষ্টাত মহন্ত ফাউণ্ডেশ্যন নামেৰে এটা দাতব্য প্ৰতিষ্ঠানো স্থাপন কৰিছিল। যাৰ উদ্দেশ্য গ্ৰাম্য অনুন্নত অঞ্চলত আৰ্থ সামাজিক বিকাশৰ বাবে আৰ্থিকভাৱে অনগ্ৰসৰ লোকসকলৰ জীৱনধাৰণাৰ মানদণ্ড উন্নত কৰা। সামাজিক কাম-কাজৰ লগত জৰিত এই প্ৰতিষ্ঠানটোৱে দেওবাৰে ৰূপালী জয়ন্তী উপলক্ষে আয়োজন কৰিছে এলানি বিস্তীৰ্ণ কাৰ্যসূচী। যত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ কৃষিখণ্ডৰ লগত জৰিত থকা লোকসকল উপস্থিত থকাৰ লগতে ৰাজ্যৰ বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Trending
- এয়াৰটেলৰ সৈতে ইউটিউবৰ অংশীদাৰিত্ব: প্ৰিপেইড গ্ৰাহকৰ বাবে ইউটিউব প্ৰিমিয়ামৰ সুবিধা
- পৰিৱেশ সংৰক্ষণৰ লক্ষ্যৰে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ১২ খনতকৈ অধিক যাত্ৰীবাহী ৰে’ল বৈদ্যুতিক ট্রেকচনলৈ পৰিবৰ্তন
- সতৰ্কতা সজাগতা অভিযানত পথিকৰ উদ্যোগত চি আৰ পি এফৰ গুৱাহাটী গ্ৰুপ চেণ্টাৰত বাটৰ নাট প্ৰদৰ্শন
- দিহানামক বিশ্বৰ দৰবাৰলৈ নিয়াৰ লক্ষ্যৰে সমন্বয়ৰ বার্তা বিলাইছে জালুকবাৰীৰ খানামুখৰ জ্ঞানমালিনী বিকশিত নামতি দলে
- Sainik school Goalpara crowned Assam State champion of WWFs wild wisdom Global challenge
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য