এপেক্স গ্ৰপ অব কোম্পানীৰ অধীনৰ এপেক্স য়াৰ্ন প্ৰাইভেট লিমিটেড, অশোকা উইভিং প্ৰাইভেট লিমিটেড আৰু আটলাণ্টা মডুলাৰ প্ৰাইভেট লিমিটেড নামৰ উদ্যোগ প্ৰতিষ্ঠান কেইটাৰ দিনজোৰা কাৰ্যসূচীৰে গুৱাহাটীৰ বৰাগাঁৱত ৰূপালী জয়ন্তী উদযাপন কৰা হয়। সাংবাদিক ভগৱান দাসে আত ধৰা অনুষ্ঠানটিৰ পুৱাই উদ্যোগ কেইটাৰ সঞ্চালকদ্বয় দ্বীপজ্যোতি মহন্ত আৰু মিলি মহন্তই বৃক্ষৰোপণ কৰাৰ পিছত এক বিশেষ সম্বৰ্ধনা কাৰ্যসূচী আৰম্ভ হয়। সঞালক দ্বীপজ্যোতি মহন্ত আৰু মিলি মহন্তই উদ্যোগ কেইটাত জন্ম লগ্নৰে পৰা আজিলৈ কৰ্মৰত প্ৰায় ৩০ গৰাকী লোকক বিশেষ ভাৱে সম্বৰ্ধনা জনায়। তাৰ পিছতে ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে এটি বৃহৎ আকাৰৰ কেক কাটে দ্বীপজ্যোতি মহন্ত আৰু মিলি মহন্তই। তাৰ পিছতেই দ্বীপজ্যোতি মহন্তই উদোগ কেইটাৰ সৈতে জড়িত সকলো কৰ্ম্মচাৰী শুভেচ্ছা জ্ঞাপন কৰি তেওঁলোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ আস্বাস প্ৰদান কৰে। উল্লেখ্য যে, ১৯৯৭ চনৰ ৭ আগষ্ট গুৱাহাটীৰ বৰাগাঁৱত স্থানত হোৱা এপেক্স গ্ৰুপ অব কোম্পানীয়ে উদযাপন কৰে ৰূপালী জয়ন্তী দিৱস। ভাৰতবৰ্ষৰ উত্তৰ পূব প্ৰান্তৰ একমাত্ৰ ব্যক্তিগতখণ্ডৰ মৰাপাট উদ্যোগটোৱে মৰাপাটৰ বিভিন্ন বেগ প্ৰস্তুত কৰাত গুৰুত্ব আৰোপ কৰি আহিছে। তদুপৰি এই প্ৰতিষ্ঠানটোৱে উত্পাদিত সামগ্ৰীসমূহ বিতৰণৰ বাবেও বিশেষ পদক্ষেপ গ্ৰহণ কৰি আহিছে। আনহাতে এই প্ৰকল্পটোৱে উত্তৰ পূব ভাৰতত একমাত্ৰ জৈৱিক মৰাপাট উদ্যোগ হিচাপে পৰিগণিত হোৱাৰ লগতে অসমৰ প্ৰায় ৫ হাজাৰ লোক প্ৰত্যক্ষভাৱে এই উদ্যোগটোৰ লগত জৰিত হৈ আহিছে। উল্লেখযোগ্য যে বি-টুইল হায়ড্ৰ কাৰ্বনমুক্ত মৰাপাটৰ বেগ উত্পাদন কৰি থকা এপেক্স গ্ৰুপ অব কোম্পানীৰ অধীনস্থ তিনিটাকৈ কোম্পানী ক্ৰমে এপেক্স য়াৰ্ণ প্ৰাইভেট লিমিটেড, অশোকা উইভিং প্ৰাইভেট লিমিটেড আৰু আটলাণ্টা মডুলাৰ প্ৰাইভেট লিমিটেড। এই তিনিটা কোম্পানীৰ প্ৰাৰম্ভিক উত্পাদন ক্ষমতা বৰ্তমান ৫ টন। মন কৰিবলগীয়া যে, উত্তৰ গুৱাহাটীৰ ৰাজহ চক্ৰৰ অন্তৰ্গত মান্দাকাটাস্থিত ডি. জে এগ্ৰ’ ইণ্ডাষ্ট্ৰীয়েল প্ৰাইভেট লিমিটেডৰ লগত হোৱাৰ বাবে ইয়াৰ দৈনিক উত্পাদন ক্ষমতা হৈছে ১০০০ টন। ২০২০চনত দীপজ্যোতি মহন্ত আৰু মিলি মহন্তৰ প্ৰচেষ্টাত মহন্ত ফাউণ্ডেশ্যন নামেৰে এটা দাতব্য প্ৰতিষ্ঠানো স্থাপন কৰিছিল। যাৰ উদ্দেশ্য গ্ৰাম্য অনুন্নত অঞ্চলত আৰ্থ সামাজিক বিকাশৰ বাবে আৰ্থিকভাৱে অনগ্ৰসৰ লোকসকলৰ জীৱনধাৰণাৰ মানদণ্ড উন্নত কৰা। সামাজিক কাম-কাজৰ লগত জৰিত এই প্ৰতিষ্ঠানটোৱে দেওবাৰে ৰূপালী জয়ন্তী উপলক্ষে আয়োজন কৰিছে এলানি বিস্তীৰ্ণ কাৰ্যসূচী। যত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ কৃষিখণ্ডৰ লগত জৰিত থকা লোকসকল উপস্থিত থকাৰ লগতে ৰাজ্যৰ বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ