অসম চৰকাৰৰ কৃষি বিভাগৰ এপাৰ্ট প্ৰকল্পৰ উদ্যোগত গুৱাহাটীৰ পশ্চিম প্রান্তৰ আজাৰা কাঁহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপৰ চৌহদত ৫ আৰু ৬ আগষ্টত কৃষিকার্যত যান্ত্ৰিকীকৰণ বিষয়ক এক দুদিনীয়া প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হৈ যায় । শিবিৰ উদ্বোধন কৰে কৃষি বিজ্ঞান কেন্দ্ৰৰ প্ৰধান বিজ্ঞানী ড০ ধীৰেন্দ্ৰ নাথ কলিতাই। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে আই চি এআৰ সঞ্চালক ড০ ৰাজেশ কুমাৰ। শিবিৰত বিভিন্ন অঞ্চলৰ নিৰ্বাচিত ১৮ জন কৃষকে অংশ গ্ৰহণ কৰে। শিবিৰত সমল ব্যক্তি হিচাপে এপাৰ্ট প্ৰকল্পৰ সহযোগী ড০ মুনমী বৰা, আই.চি.আৰ.আৰ.আইৰ বিশেষজ্ঞ ড০ ৰোহিত নামদেওৱে উপস্থিত থাকি কম্বাইন হাৰ্ভেষ্টাৰ আৰু ৰিপাৰৰ বিষয়ে বিষদভাৱে ব্যাখ্যা আগবঢ়াই আৰু ইয়াৰ দ্বাৰা কৃষক সকল কিদৰে উপকৃত হব তাক প্ৰদৰ্শন কৰে। তেনেদৰে কম্বাইন হাৰ্ভেষ্টাৰ আৰু ৰিপাৰৰ ব্যৱহাৰিক প্ৰশিক্ষণ প্ৰদান কৰে এপাৰ্ট প্ৰকল্পৰ সহকাৰী বিষয়া দিবাকৰ মেহদি আৰু কাৰিকৰী সহায়ক অনন্ত গগৈয়ে।
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ