চতিয়াত ঘৰে ঘৰে ত্ৰিৰংগা কাৰ্যসূচীৰ সজাগতা সমদল

0 228

স্বাধীনতাৰ ৭৫ বছৰ উদযাপনৰ বাবে ভাৰত চৰকাৰে ঘৰে ঘৰে ত্ৰিৰংগা উৰুৱাৰ বাবে এলানি কাৰ্য্যসূচী গ্ৰহণ কৰিছে । ইতিমধ্যে জাতীয় পতাকাৰ বাবে বিভিন্ন অঞ্চলত পতাকা বিপনন কেন্দ্ৰ স্থাপন কৰা হৈছে । অহা ১৩ আগষ্টৰ পৰা ১৫ আগষ্টত ঘৰে ঘৰে উৰিব ত্ৰিৰংগা । এই উদ্দেশ্যেৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ দ্বাৰা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত ঘৰে ঘৰে ত্ৰিৰংগা কাৰ্যসূচীৰ সন্দৰ্ভত সজাগতা সমদল।আজি নদুৱাৰ খণ্ড উন্নয়ন কাৰ্যালয়ৰ পৰা উলিওৱা হয় সজাগতাৰ এক সমদল।উক্ত সমদলৰ ফ্লেগ অফ কৰে নদুৱাৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি অজিত পায়েঙে। নদুৱাৰ খণ্ড উন্নয়ন বিষয়া বিপুল বৰা, বিশ্বনাথ জিলা পৰিষদৰ এক্সোকেটিভ ইঞ্জিনীয়াৰ মৌচুমি কাকতি, বি পি এম জয়ন্ত মোহনৰ উপস্থিতিত জীৱিকা সখী সকলে স্কুটি লৈ এই সমদলত অংশগ্ৰহণ কৰে।

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Leave A Reply

Your email address will not be published.