প্ৰকৃতিৰ চিৰাচৰিত নিয়মৰে শাওনৰ মাহ আৰম্ভ হোৱাৰ পিছত ৰাজ্যৰ খেতিপথাৰত বছৰটোৰ বাবে লখিমীক নিজ ঘৰলৈ যাতে আদৰি নিব পাৰে সেই লক্ষ্যৰে কৃষক , ৰোৱনী সকল কৃষি কৰ্মত নামি পৰিছে। অৱশ্যে ৰাজ্যৰ বহু অঞ্চল পানীৰ অভাৱ আৰু কিছু অঞ্চলত বানপানীৰ বাবে কৃষকসকল পথাৰত কৃষি কাৰ্য কৰাৰ বাবে সাজু হ’ব পৰা নাই। ইফালে খৰাং আৰু বানৰ পৰা তুলনামূলকভাৱে মুক্ত অঞ্চল সমূহত শাওনৰ মাহ আৰম্ভ হোৱাৰ পাছতে কৃষকসকল শালি ধানৰ খেতি কৰাৰ বাবে পথাৰত নমা পৰিলক্ষিত হৈছে। ৰাজ্যৰ আন প্ৰান্তৰ লগতে পশ্চিম গুৱাহাটীৰ শালি ধানৰ খেতিৰ বাবে বিগত বৃহত্তৰ ৰাণী অঞ্চলত কিছু কিছু অঞ্চলত অৱশ্যে আহাৰ মাহৰ শেষ ভাগৰ পৰা আৰু বেছিভাগ অঞ্চলতে শাওনৰ মাহ আৰম্ভ হোৱাৰ পৰাই কৃষক সকল হালৰ গৰু, পাৱাৰ টিলাৰ, টেক্টৰ লৈ পথাৰত নামি পৰা পৰিলক্ষিত হৈছে। নয়নাভিৰাম প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ ৰাণীকে ধৰি পশ্চিম গুৱাহাটীৰ খেতিপথাৰ সমূহ ৰোৱনী-দাৱনীৰে ভৰি পৰা পৰিলক্ষিত হৈছে। এই সন্দৰ্ভত পশ্চিম গুৱাহাটীৰ কৃষি কৰ্মৰ লগত জড়িত উদ্যমী ব্যক্তি দেউচতালৰ বলেশ্বৰ ৰংপি , ৰোৱনী হিচাপে অভিজ্ঞ মহিলা তথা আজাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী কবিতা বড়ো ৰংপীকে ধৰি কৃষি কৰ্মত ব্যস্ত একাংশ কৃষকে জানিবলৈ দিয়া মতে পূৰ্বৰ গৰুৰ সলনি বেছিভাগতে পাৱাৰ টিলাৰ , ট্ৰেক্টৰকে ধৰি কৃষি ক্ষেত্ৰত যান্ত্ৰিক পদ্ধতিৰ বহুল ব্যৱহাৰৰ বাবে উঠি অহা নতুন প্ৰজন্মৰ বহু শিক্ষিত যুৱক কৃষি খণ্ডত নামি পৰিছে । যিটো অতি শুভ লক্ষণ । সমান্তৰালভাৱে শাওন মাহৰ ভিতৰত শালিধানৰ খেতিৰ কামখিনি বা কঠীয়া তথা ভুই ৰুৱ পাৰিলেহে আঘোণ মাহত পথাৰৰ পৰা লখিমীক ঘৰলৈ নিব পাৰিব। আনহাতে ৰাণীৰ কাষৰীয়া আন্ধেৰীজুলিৰ খেতি পথাৰত বলেশ্বৰ ৰংপী আৰু তেওঁৰ সহধৰ্মিনী কবিতা বড়ো ৰংপীয়ে ৫ আগষ্টত আন্ধেৰীজুলি পথাৰত পৰম্পৰাগতভাবে পূজা অৰ্চনা কৰি এগছি ভূঁই ৰুই প্ৰায় ১৫জনী ৰোৱনীৰ সৈতে পথাৰত ভূঁই ৰোৱা উৎসৱৰ শুভাৰম্ভ কৰে।তেনেদৰে ভূঁই ৰোৱাৰ পূৰ্বে পথাৰত পাৱাৰ টিলাৰ চলাই সকলোকে আপ্লুত কৰে প্ৰাক্তন কৃষক নেতা বলেশ্বৰ ৰংপীয়ে। ইতিমধ্যে শাওঁন মাহ শেষ হবলৈ মাজতে কেইদিনমান বাকী থকা অৱস্থাত মাহটোৰ ভিতৰতে যিকোনো প্ৰকাৰে ভূঁই ৰোৱা কামটো শেষ কৰিবলৈ কৃষক ৰাইজে কঁকালত টঙালি বন্ধা পৰিলক্ষিত হৈছে । অৱশ্যে গৰিষ্ঠ সংখ্যক কৃষকে পথাৰত ভূঁই ৰোৱা কামটো সম্পন্ন কৰিছে ।
Trending
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem
- অসম পশুধন নিগমৰ উদ্যোগত প্ৰশিক্ষণ কাৰ্যসূচী
- আগন্তুক ২-৩ দিনত গুৱাহাটী মহানগৰীত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা থকা বুলি আই এম ডি (IMD) ৰ পূৰ্বানুমান
- Union Minister Dr. Jitendra Singh Visits NECTAR, Lauds Science-Driven Innovations Transforming the North East
- NSE Crude Oil Options Hit Record Premium Turnover, Volume & Open Interest*
- ইউনিক’ডত অসমীয়া লিপি আৰু অসমীয়া চলচ্চিত্ৰৰ বাবে অটিটি প্লেটফৰ্ম সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ বৈঠক
- লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ডঃ বিভৱ কুমাৰ তালুকদালৈ
- খানামুখ খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত সাতমাইল – অসম অভিযান্ত্ৰিক মহাবিদ্যালয় সংযোগী পথৰ দাঁতিত গছপুলি ৰোপণ
- ৰাণী বনাঞ্চলত হাতীৰ খাদ্যৰ বাবে নেপিয়াৰ ঘাঁহৰ খেতি আৰম্ভ বন বিভাগৰ
- জাপানীজ এনকেফেলাইটিছৰ বিৰুদ্ধে যুদ্ধকালীন প্ৰস্তুতি, সকলো জিলাক স্বাস্থ্য মন্ত্ৰীৰ নিৰ্দেশ