ঐতিহাসিক অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেস্বৰ তালুকদাৰৰ লগতে জাতীয় শ্বহীদ সকলৰ পবিত্ৰ স্মৃতিত অসম গণ পৰিষদ দলে ১০ ডিচেম্বৰ তাৰিখে ৰাজ্যজুৰি শ্বহীদ দিৱস পালন কৰিব। দলৰ আমবাৰীস্থ মুখ্য কাৰ্য্যালয়ত কেন্দ্ৰীয় ভাৱে শ্বহীদ দিৱস উদযাপন কৰাৰ লগতে দলৰ সকলো জিলা পৰিষদ আৰু বিধান পৰিষদে দিনযোৰা কাৰ্য্যসূচীৰে শ্বহীদ দিৱস পালন কৰিব। এক প্ৰেছ বিজ্ঞপ্তিত দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই কয় যে, ঐতিহাসিক অসম আন্দোলন আছিল অসমৰ সংগ্ৰামী ইতিহাসৰ অন্যন্য দলিল। বৰাই অসমৰ অস্তিত্বৰ ৰক্ষাৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ আৰু প্ৰতিগৰাকী জাতীয় শ্বহীদৰ লগতে হেজাৰ হেজাৰ নিৰ্যাতিতৰ ত্যাগক শ্ৰদ্ধাৰে সোৱঁৰণ কৰে। বৰাই কয় যে, অসম গণ পৰিষদ দলে ঐতিহাসিক অসম আন্দোলনৰ পটভূমিৰ পৰা বিচলিত নোহোৱাকে অসমৰ জাতীয় জীৱনৰ প্ৰতি নিজৰ দায়িবদ্ধতা পালন কৰি আহিছে আৰু পালন কৰি যাব। ৰাজ্যখনৰ খিলঞ্জীয়া জনসাধাৰণৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে আৰু অসম চুক্তি ৰূপায়ণৰ বাবে দল অংগীকাৰবদ্ধ। ৰাজ্যখনৰ সকলো শ্ৰেণীৰ জনসাধাৰণক আস্থা আৰু বিশ্বাসত লৈ দলে আগন্তক সময়ত অধিক দায়বদ্ধতাৰে সেৱা আগবঢ়াই যাব। জাতীয় শ্বহীদ সকলৰ ত্যাগক সঠিক ৰূপত মূল্যায়ণ কৰি নতুন প্ৰজন্মক ইতিবাচক জাতীয়তাবাদী আদৰ্শৰে অনুপ্ৰাণিত কৰিবলৈ অসম গণ পৰিষদ দলে কাম কৰি যাব বুলিও সভাপতি বৰাই মন্তব্য কৰি শ্বহীদ সকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে।
Trending
- NSE MD & CEO Ashishkumar Chauhan Wishes PM Modi on 75th Birthday-Underscores Growing Trust in India’s Economic Future
- তামুলপুৰত জ’নেল আৰু ছেক্টৰ বিষয়াৰ সভা
- এয়াৰটেলৰ ঠগ বিৰোধী যুঁজৰ ফলস্বৰূপে তেওঁলোকৰ গ্ৰাহকৰ আৰ্থিক ক্ষতিৰ পৰিমাণ ৭০% কমিছে
- Numaligarh Refinery Limited (NRL) Holds 32nd Annual General Meeting
- জ্যোতি চিত্ৰবনত সীমান্ত চেতনা মঞ্চৰ তিনিদিনীয়া ছ’ল তথ্য চলচ্ছিত্ৰ মহোৎসৱ
- চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত কুইজ প্ৰতিযোগিতাৰ সামৰণি
- অসম ডনবস্ক’ বিশ্ববিদ্যালয় আৰু অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত বহনক্ষম উন্নয়ন লক্ষ্যৰ ওপৰত গৱেষণা সন্মিলন
- নিৰ্বাচনী পৰ্যৱেক্ষক ক্ষিতীশ চন্দ্ৰ পেগুৰ ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন
- বনকৰ্মীৰ পহৰাৰ সুবিধাৰ্থে ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ ৪ খন অত্যাধুনিক নাওৰ যোগান এ এছ ডি এম এৰ
- বিশ্ব যুৱ মহোৎসৱত প্ৰতিভা প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ দুই শিক্ষাৰ্থী