ঐতিহাসিক অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেস্বৰ তালুকদাৰৰ লগতে জাতীয় শ্বহীদ সকলৰ পবিত্ৰ স্মৃতিত অসম গণ পৰিষদ দলে ১০ ডিচেম্বৰ তাৰিখে ৰাজ্যজুৰি শ্বহীদ দিৱস পালন কৰিব। দলৰ আমবাৰীস্থ মুখ্য কাৰ্য্যালয়ত কেন্দ্ৰীয় ভাৱে শ্বহীদ দিৱস উদযাপন কৰাৰ লগতে দলৰ সকলো জিলা পৰিষদ আৰু বিধান পৰিষদে দিনযোৰা কাৰ্য্যসূচীৰে শ্বহীদ দিৱস পালন কৰিব। এক প্ৰেছ বিজ্ঞপ্তিত দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই কয় যে, ঐতিহাসিক অসম আন্দোলন আছিল অসমৰ সংগ্ৰামী ইতিহাসৰ অন্যন্য দলিল। বৰাই অসমৰ অস্তিত্বৰ ৰক্ষাৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ আৰু প্ৰতিগৰাকী জাতীয় শ্বহীদৰ লগতে হেজাৰ হেজাৰ নিৰ্যাতিতৰ ত্যাগক শ্ৰদ্ধাৰে সোৱঁৰণ কৰে। বৰাই কয় যে, অসম গণ পৰিষদ দলে ঐতিহাসিক অসম আন্দোলনৰ পটভূমিৰ পৰা বিচলিত নোহোৱাকে অসমৰ জাতীয় জীৱনৰ প্ৰতি নিজৰ দায়িবদ্ধতা পালন কৰি আহিছে আৰু পালন কৰি যাব। ৰাজ্যখনৰ খিলঞ্জীয়া জনসাধাৰণৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে আৰু অসম চুক্তি ৰূপায়ণৰ বাবে দল অংগীকাৰবদ্ধ। ৰাজ্যখনৰ সকলো শ্ৰেণীৰ জনসাধাৰণক আস্থা আৰু বিশ্বাসত লৈ দলে আগন্তক সময়ত অধিক দায়বদ্ধতাৰে সেৱা আগবঢ়াই যাব। জাতীয় শ্বহীদ সকলৰ ত্যাগক সঠিক ৰূপত মূল্যায়ণ কৰি নতুন প্ৰজন্মক ইতিবাচক জাতীয়তাবাদী আদৰ্শৰে অনুপ্ৰাণিত কৰিবলৈ অসম গণ পৰিষদ দলে কাম কৰি যাব বুলিও সভাপতি বৰাই মন্তব্য কৰি শ্বহীদ সকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে।
Trending
- অসম মন্ত্রীসভা সম্প্ৰসাৰণ-১২ গৰাকী নতুন মন্ত্রীৰ নাম তালিকাত প্ৰকাশ
- Assam Centre review key infrastructure projects to accelerate state’s growth: CM
- CSR Head Reviews Women-Led Sarthebari Metal Craft Project
- Assam CM meets Jaishankar, discusses Act East Policy and regional trade opportunities
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ডঃ ৰঞ্জন কুমাৰ কাকতিলৈ মাই ভাৰত এন এছ এছ কাৰ্যসূচী সমন্বয়ক শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী বঁটা প্ৰদান
- Himanta Biswa Sarma meets PM Modi, seeks guidance for Assam NDA 3.0 Government
- মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাক কৃতজ্ঞতা
- বিশ্ব পৰিৱেশ দিৱস উপলক্ষে উত্তৰ পূব সীমান্ত ৰেলৱেৰ পৰিৱেশ সংৰক্ষণ সম্পৰ্কীয় সজাগতা অভিযান
- Airtel Defends 5G ‘Priority Postpaid’ Before DoT, Denies Net Neutrality Breach
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাচুল বৃদ্ধিৰ সন্দৰ্ভত সংবাদ মেল