শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ দ্বাৰা শিবসাগৰ জিলাৰ ১৪৬৪ গৰাকী মেধাৱী শিক্ষাৰ্থীক ড০ বাণীকান্ত কাকতি মেধা বঁটা ৰূপে স্কুটী প্ৰদান

0 141

আজি শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী ৰূপে ডাঃ ৰণোজ পেগুই জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত জিলা প্ৰশাসনৰ উদ্যোগত ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা সঞ্চালকালয়ৰ অধীনত প্ৰজ্ঞান ভাৰতী আঁচনি অনুসৰি উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ জিলাখনৰ মুঠ ১৪৬৪গৰাকী মেধাৱী শিক্ষাৰ্থীক ড০ বাণীকান্ত কাকতি মেধা বঁটা ৰূপে স্কুটী প্ৰদান কৰে ৷ বঁটা প্ৰদান অনুষ্ঠানত ভাষণ প্ৰসঙ্গত মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে এই বঁটাৰ জৰিয়তে শিক্ষাৰ্থীসকল ভবিষ্যত দিনলৈ অনুপ্ৰেৰিত হ’ব আৰু লগতে শিক্ষানুষ্ঠানসমূহো উত্‍সাহিত হব। তেওঁ বঁটা প্ৰাপক শিক্ষাৰ্থীসকলক অভিনন্দন জনোৱাৰ লগতে কয় যে আমি আশা ৰাখিছো তেওঁলোকৰ মেধাই ভৱিষ্যতে ৰাজ্যৰ উন্নয়ন আৰু প্ৰগতিত অৰিহণা যোগাব। তেখেতে লগতে উল্লেখ কৰে যে বৰ্তমান চৰকাৰ খনে ৰাজ্যৰখনৰ চাহ বাগিচাৰ লগতে সমগ্ৰ শিক্ষাৰ ক্ষেত্ৰখনৰ উন্নয়নৰ স্বাৰ্থত অহৰহ কাম কৰি আছে। শিক্ষাৰ্থীসকলৰ মেধাৰ স্বীকৃতি প্ৰদানৰ এই অনুষ্ঠানত বিধায়ক প্ৰদীপ হাজৰিকা, জিলা উপায়ুক্ত শ্রীআদিত্য বিক্ৰম যাদৱ, ড০ কমল গগৈৰ লগতে জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ বিষয়াবৰ্গ উপস্থিত থাকে।মন্ত্ৰী গৰাকীয়ে আজি লগতে শিৱসাগৰৰ নামতি বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবাৰ্ষিকীৰ শুভাৰম্ভণী অনুষ্ঠানত অংশগ্ৰহণ কৰে। শিক্ষানুষ্ঠানখনৰ এশ বছৰীয়া গৌৰৱময় এই বৰ্ণিল শৈক্ষিক যাত্ৰাৰ এই শুভ ক্ষণত শিক্ষাসেৱীসকলৰ অৱদানৰ মন্ত্ৰী গৰাকীয়ে শলাগ লয়। তেওঁ লগতে বিদ্যালয়খনে অসমৰ শিক্ষা জগতলৈ এনেদৰে সদায়ে সেৱা আগবঢ়াই যোৱাৰ ক্ষেত্ৰত বিদ্যালয়ৰ শিক্ষাগুৰু, শিক্ষাৰ্থীসকল আৰু পৰিচালনা সমিতিক নিৰৱিচ্ছিন্ন প্ৰয়াস অব্যাহত ৰাখিবলৈ আহৱান জনায়।

Leave A Reply

Your email address will not be published.