১২০ বৰ্ষত ভৰি দিলে কটন কলেজে

0 291

প্ৰাণোচ্ছল কটন। কটন বুলি কলেই যেন প্ৰাণ পাই উঠে অলেখ স্মৃতি। ১৯০১চনৰ ২৭মে’ত দিনাই অসমী আইৰ বুকুত প্ৰতিষ্ঠিত হৈছিল উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ সকলোৰে হেঁপাহৰ কটন। কটনৰ আন এটা নাম দেৱদাৰু নগৰী। এই প্ৰাণোচ্ছল, যৌৱনোদ্দীপ্ত তথা একতাৰ এক অন্য চিনাকি দেৱদাৰু নগৰী ঐতিহাসিক মহিমাৰে মহিমামণ্ডিত কটনে আজি ভৰি থ’লে ১২০ টা বসন্তত। সমগ্ৰ উত্তৰ পুৰ্বাঞ্চলৰে গৌৰৱ তথা শিক্ষাৰ এক নতুন দিগন্ত সূচক আজি কটন আজি ১২০বৰ্ষীয় হ’ল।
 
 
একতা, প্ৰেম আৰু ভ্ৰাতৃত্ববোধৰ এক অপূৰ্ব নিদৰ্শন কটন। তেতিয়াৰ কটন কলেজ আজিৰ বিশ্ববিদ্যালয় পৰ্যায় পালে তথাপি কটনিয়ানৰ স্নেহ তথা একতাৰ সেই এনাজৰী ডাল পূৰ্বৰ দৰেই অক্ষুন্ন থাকিল ।তেতিয়াৰ সময়ত অৰ্থাৎ ১৯০১চনত ব্ৰিটিছ সকলে শাসন কৰি থকা অসম প্ৰদেশৰ তদানীন্তন মুখ্য আয়ুক্ত ছাৰ হেনৰী ষ্টেডমেন কটনে ২৭মে’ অৰ্থাৎ আজিৰ দিনটোতে কটন কলেজ আৰম্ভণি হ’ল বুলি ঘোষণা কৰিছিল।
 
ভাৰতবৰ্ষই নিজৰ স্বাধীনতা লাভ কৰাৰ পিছতেই কটন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনলৈ যায়। উল্লেখ্য যে প্ৰতিষ্ঠিত হোৱাৰ দিনৰে পৰাই এক স্ব-গৰিমাৰে কটনে আজিও জিলিকাই আছে লুইতৰ পাৰ। সমগ্ৰ মানৱ জাতিৰ সেৱাৰ বাবে ব্ৰতী কটন আৰু সমগ্ৰ কটনিয়ান।

Leave A Reply

Your email address will not be published.