১৪ মে’ উদযাপন কৰা হ’ব পৱিত্ৰ ঈদ-উল-ফিটৰ

0 223

মহামাৰী ক’ভিড-১৯ৰ বিধ্বংসী দ্বিতীয় ঢৌ বাবে সমগ্র ভাৰতৰ ইছলামধৰ্মী লোক সকলে সমূহীয়া নামাজৰ পৰা বিৰত থাকি নিজ বাসগৃহতে পৱিত্ৰ ঈদ-উল-ফিটৰ উদযাপন কৰিব লাগিব। পৱিত্ৰ এমাহযোৰা ৰমজান উপবাসৰ অন্তত ১৪ মে’ তাৰিখে ঈদ-উল-ফিতৰ উদযাপন কৰা হ’ব বুলি কেন্দ্রীয় হিলাল সমিটিয়ে জানিবলৈ দিয়ে। জামা মছজিদৰ শ্বাহী ইমাম আহমেদ বুখাৰীয়ে কয় যে, ১৩ মে`ত দেশৰ কোনো প্ৰান্তৰ পৰা চন্দ্ৰ দেখা পোৱা নাছিল,সেয়েহে পৱিত্ৰ ঈদৰ উৎসৱ ১৪ মে`ত অসমত অনুষ্ঠিত কৰা হ’ব।
সদ্যহতে, অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে (এএছডিএমএ) ক’ভিড-১৯ মহামাৰীৰ সৈতে মোকাবিলা কৰিবলৈ সংশোধিত নিৰ্দেশনা জাৰি কৰে।
ৰাজ্যখনত বিগত কেইদিনমানৰ পৰা ক’ভিডৰ সংক্ৰমণ অত্যধিক হাৰত বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। চৰকাৰে ১২ মে’ত জাৰি কৰা ক’ভিড-১৯ৰ নতুন গাইডলাইন ১৩ মে’ৰ পুৱা ৫ বজাৰ পৰা কাৰ্য্যকৰী হ’ব। দুপৰীয়া ২ বজাৰ পৰা পুৱা ৫ বজালৈ জনসাধাৰণৰ চলাচলত নিষেধাজ্ঞা থাকিব।
তদুপৰি ধৰ্মীয় অথবা মাংগলিক অনুষ্ঠান সমূহত সৰ্বাধিক ১০ জন লোকৰ উপস্থিতিৰে কাৰু-কাৰ্য্য সম্পন্ন কৰিবলৈ চৰকাৰে নিৰ্দেশনা জাৰি কৰিছে আৰু লগতে ৰাজ্যৰ সকলো ধৰ্মীয় অনুষ্ঠান পৰৱৰ্তী ১৫ দিনৰ বাবে বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰা হৈছে। অৱশ্যে ধৰ্মীয় অনুষ্ঠানসমূহৰ মুৰব্বীজনে ৰীতি-নীতি অথবা পূজা পাৰ্বন অব্যাহত ৰাখিব পাৰিব।

Leave A Reply

Your email address will not be published.