২২৬ বছৰীয়া বৰ্ণিল যাত্ৰাৰে মহিমা মণ্ডিত ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা মহোৎসৱৰ প্ৰস্তুতি সম্পন্ন

0 116

পদুলি মুখত জামুগুৰিবাসীৰ হৃদয় স্পন্দন স্বৰুপ সমগ্ৰ দেশৰ কলা সংস্কৃতিৰ অন্যতম একক বৃহৎ অনুষ্ঠান বাৰেচহৰীয়া ভাওনা। ইতিহাস সমৃদ্ধ এই মহোৎসৱ উদযাপনৰ বাবে জামুগুৰি ৰাইজে ইতিমধ্যেই প্ৰস্তুতি সম্পূৰ্ণ কৰিছে।ঐতিহাসিক জামুগুৰিহাটৰ পকামূৰা পথাৰত উখল মাখল পৰিবেশ।অহা ৬ মাৰ্চৰ পৰা পকামুৰা পথাৰত অনুষ্ঠিত হ’ব ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা।ইয়াকে লৈ দুৰ দুৰণিৰ অতিথিক আপ্যায়নৰ বাবে জামুগুৰিবাসী সাজু হৈ উঠিছে।ব্যতিক্ৰম নহয় মুঢ়াদল গাঁৱৰ মহিলা সকল।জামুগুৰিহাটৰ হিয়াৰ আমঠু বাৰেচহৰীয়া ভাওনাৰ বাবে মহিলা সকলে একেলগ হৈ নাম গাই,নাচি বাগি আনন্দত আত্মহাৰা হৈ এইদৰেই বৰ পিঠা ,তিলপিঠা,তিলৰ লাৰু,চুঙা পিঠা, নাৰিকলৰ লাৰু বনোৱাত ব্যস্ত হৈছে।মুঠৰ ওপৰত আগন্তুক বাৰেচহৰীয়া ভাওনা মহোৎসৱ উদযাপন আৰু অতিথিক আপ্যায়ন কৰিবলৈ এই দৰে গাত তৎ নোহোৱা হৈছে মুঢ়াদল গাঁওৰ মহিলা সকলৰ।

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Leave A Reply

Your email address will not be published.