হাৰিয়ানাৰ পঞ্চকুলাত ১০ মাৰ্চৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ২৬ সংখ্যক সৰ্বভাৰতীয় বন ক্ৰীড়া প্ৰতিযোগিতাৰ কালি সন্ধিয়া সামৰণি পৰে। প্ৰতিযোগিতাত অসম চৰকাৰৰ বন বিভাগৰ এটা ৬৩ জনীয়া দলে ভাগ লৈছিল।বন বিভাগৰ সূত্ৰই সদৰি কৰা অনুসৰি বন বিভাগৰ মধ্য অসম চক্ৰৰ মুখ্য বন সংৰক্ষক তথা বিভাগৰ নডেল ক্ৰীড়া বিষয়া মুথু কুমাৰ ভেলৰ নেতৃত্বত যোৱা ৬০ জনীয়া দলটোৱে উন্নত মানৰ প্ৰদৰ্শনৰে ৩ টা সোণ,দুটা ৰূপ আৰু ৬ টা ব্ৰঞ্জৰসহ মুঠ ১১ টা পদক লাভ কৰিছে।ইয়াৰ ভিতৰত আঞ্চলিক বন বিষয়া ৰবীন কুমাৰ বৈশ্যই দুটা শাখাৰ ভাৰত্তোলনত দুটা সোণ আৰু দুটা শাখাৰ শক্তি উত্তোলনত দুটা ব্ৰঞ্জকে ধৰি সৰ্বাধিক চাৰিটা পদক লাভ কৰি বিভাগলৈ গৌৰৱ কঢ়িয়াই আনিছে।আনহাতে বিজয় চেতিয়া পাত্ৰই দুটা শাখাৰ ডিচকাছ থ্রোত এটা সোণৰ আৰু এটা ৰূপৰ পদক লাভ কৰিছে।বাকী পদক লাভ কৰা খেলুৱৈৰ ভিতৰত ১০০ মিটৰ দৌৰত আজিজুল হকে এটা ব্ৰঞ্জ , দ্বৈত শাখাৰ টেবল টেনিছত মুস্তাফা আলী আহমেদ আৰু অভিজিৎ ৰায়চৌধুৰীয়ে এটা ব্ৰঞ্জ ,একক শাখাৰ বেডমিণ্টনত পুৰঞ্জয় শৰ্মাই এটা ব্ৰঞ্জ , দ্বৈত শাখাৰ বেডমিণ্টনত শংকৰ ৰয় আৰু পুৰঞ্জয় শৰ্মাই এটা ৰূপ,শক্তি উত্তোলনত মোছাৰফ হুছেইন চৌধুৰীয়ে এটা ব্ৰঞ্জৰ পদক লাভ কৰিছে।আনহাতে অসম বন কৰ্মচাৰী সন্থাৰ সভাপতি হোমেন পেগু ,সাধাৰণ সম্পাদক ৰাহুল বৰা আৰু প্ৰচাৰ সম্পাদক ৰাজা দাসে এটা বিবৃতিত সৰ্বভাৰতীয় ক্ৰীড়া প্ৰতিযোগিতাত পদক লাভ কৰা দলটোৰ প্ৰতিজন খেলুৱৈক শুভেচ্ছা কৰাৰ লগতে তেওঁলোক গুৱাহাটীত উপস্থিত হোৱাৰ সন্থাৰ ফালৰ পৰা ৰাজহুৱা ভাবে সম্বৰ্ধনা জনোৱা হব বুলি জানিবলৈ দিছে।
Trending
- বি আৰ অৰ পূৱ মণ্ডলৰ এ ডি জি হিচাপে জীতেন্দ্ৰ প্ৰসাদৰ কাৰ্যভাৰ গ্ৰহণ
- মুখ্যমন্ত্ৰীৰ সপোনৰ প্ৰকল্প – ব্ৰহ্মপুত্ৰৰ ওপৰত শুৱালকুচি – পলাশবাৰী সংযোগী দলঙৰ মাজিৰগাঁওৰ পৰা বিমানবন্দৰৰ সমীপলৈ নিৰ্মাণ হাইস্পীদ চাৰিলেনযুক্ত পথ সুকীয়াকৈ থাকিব
- Inauguration of Common Facility Center (CFC) under PM-DevINE Scheme at Chümoukedima, Nagaland
- চলিত মাহতে নথিপত্ৰ সঠিক কৰি লৈহে বাহন চলাওক- অসমত চলাচল কৰা বৰ্হিৰাজ্যৰ বাহন অসমৰ পৰিবহণ বিভাগত পঞ্জীয়ন কৰাৰ আহ্বান
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপলৈ দেশৰ শ্ৰেষ্ঠ কৃষি বিজ্ঞান কেন্দ্ৰৰ বঁটা
- ভূটানৰ গেলেফু মাইণ্ডফুলনেছ চিটিৰ প্ৰতিনিধি দলৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু আই আই টি-গুৱাহাটী ভ্ৰমণ
- ভাৰত-ডেনমাৰ্কৰ দ্বিপাক্ষিক সম্পৰ্কৰ সফলতাই বিশ্বৰ সামুদ্ৰিক খণ্ডক এক নতুন গতি দিব: কোপেনহেগেন বিজনেছ স্কুলত ব্লু এম বি এ-ৰ প্ৰতিভাসমূহক সম্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে
- NECTAR Launches Organic Agriculture Project in Arunachal Under PM-DevINE Scheme
- পৰিৱেশ কৰ্মী, জেষ্ঠ সাংবাদিক উত্তম শইকীয়ালৈ অসম চৰকাৰৰ পৰিৱেশ মিত্ৰ সন্মান
- বিশ্ব পৰিবেশ দিবসত আই এ এছ এছ টিত চাৰিগৰাকী বিশিষ্ট পৰিবেশকৰ্মীক পৰিবেশ মিত্ৰ বঁটা প্ৰদান