সমাগত নিৰ্বাচনক কেন্দ্ৰ কৰি অসম গণ পৰিষদ দলে ব্যাপক সাংগঠনিক তৎপৰতা বৃদ্ধি কৰিছে। ইতিমধ্যে কলিয়াবৰ, মঙ্গলদৈ, তেজপুৰ আৰু নগাৱঁত লোকসভা সমষ্টি ভিত্তিত একোখনকৈ বৃহৎ কৰ্মকৰ্তা সন্মিলন অনুষ্ঠিত কৰাৰ পিছত অহা ২৮ এপ্ৰিল তাৰিখে গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পত আন এক বিশাল কৰ্মকৰ্তা সন্মিলনৰ প্ৰস্তুতি চলাইছে। এক প্ৰেছ বিজ্ঞপ্তিত দলৰ সাধাৰণ সম্পাদক তথা বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কয় যে, দলে পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে বিভিন্ন সাংগঠনিক স্তৰত সভা-সমিতি অনুষ্ঠিত কৰাৰ লগতে বিশেষ জনসংযোগ কাৰ্য্যসূচী অব্যাহত ৰাখিছে। এই উদ্দেশ্যে অহা ২৮ এপ্ৰিল তাৰিখে অনুষ্ঠিত হ’বলগীয়া কৰ্মকৰ্তা সন্মিলনত চাৰি হেজাৰৰো অধিক বিভিন্ন পৰ্য্যায়ৰ বিষয়ববীয়া আৰু সদস্যসকল উপস্থিত থাকিব। সন্মিলনত দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা, কাৰ্য্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্ত আৰু দলৰ সকলো জ্যেষ্ঠ নেতাৰ লগতে প্ৰতিটো বিধান পৰিষদ, জিলা পৰিষদ আৰু ভাতৃ-ভগ্নী সংগঠনসমূহৰ বিষয়ববীয়া সকলে অংশ গ্ৰহণ কৰিব।
Trending
- NSE Enables Instant Order Acknowledgement in Nanoseconds Across All Segments
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান
- ৭ এপ্ৰিলত সন্ধিয়া ৫:০০ বজাৰ পৰা আৰম্ভ নীৰৱতাৰ সময়
- লেখিকা মণিৰূপা মিশ্ৰৰ ‘অনুভৱৰ কেইটিমান পৃষ্ঠা’ কাব্যগ্ৰন্থ উন্মোচন
- গুৱাহাটীৰ কাষৰীয়া মেঘালয় সীমান্তবৰ্তী পথ আৰু অঞ্চলত আৰক্ষী – প্ৰশাসনৰ ব্যাপক সতৰ্কতা- প্ৰৱেশ পথত চি চি টি ভি স্থাপন
- গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ছাত্ৰ দিৱস উদযাপন
- ৰাণীত বিজেপিৰ নিৰ্বাচনী সভা -এইবাৰৰ নিৰ্বাচন উন্নয়নৰ স্বাৰ্থত নিৰ্বাচন – নীতিন গাডকাৰী