সমাগত নিৰ্বাচনক কেন্দ্ৰ কৰি অসম গণ পৰিষদ দলে ব্যাপক সাংগঠনিক তৎপৰতা বৃদ্ধি কৰিছে। ইতিমধ্যে কলিয়াবৰ, মঙ্গলদৈ, তেজপুৰ আৰু নগাৱঁত লোকসভা সমষ্টি ভিত্তিত একোখনকৈ বৃহৎ কৰ্মকৰ্তা সন্মিলন অনুষ্ঠিত কৰাৰ পিছত অহা ২৮ এপ্ৰিল তাৰিখে গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পত আন এক বিশাল কৰ্মকৰ্তা সন্মিলনৰ প্ৰস্তুতি চলাইছে। এক প্ৰেছ বিজ্ঞপ্তিত দলৰ সাধাৰণ সম্পাদক তথা বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কয় যে, দলে পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে বিভিন্ন সাংগঠনিক স্তৰত সভা-সমিতি অনুষ্ঠিত কৰাৰ লগতে বিশেষ জনসংযোগ কাৰ্য্যসূচী অব্যাহত ৰাখিছে। এই উদ্দেশ্যে অহা ২৮ এপ্ৰিল তাৰিখে অনুষ্ঠিত হ’বলগীয়া কৰ্মকৰ্তা সন্মিলনত চাৰি হেজাৰৰো অধিক বিভিন্ন পৰ্য্যায়ৰ বিষয়ববীয়া আৰু সদস্যসকল উপস্থিত থাকিব। সন্মিলনত দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা, কাৰ্য্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্ত আৰু দলৰ সকলো জ্যেষ্ঠ নেতাৰ লগতে প্ৰতিটো বিধান পৰিষদ, জিলা পৰিষদ আৰু ভাতৃ-ভগ্নী সংগঠনসমূহৰ বিষয়ববীয়া সকলে অংশ গ্ৰহণ কৰিব।
Trending
- Assam CM meets EU Ambassador to India-discusses opportunities for collaboration in different sectors
- এইচ ডি এফ চি বেঙ্কে ভাৰতীয় সেনাবাহিনী আৰু চি এচ চি একাডেমীয়ে প্ৰকল্প নমন ২৬ টা নতুন স্থানলৈ সম্প্ৰসাৰিত
- গ্ৰাহক দিৱস উদযাপন
- কৃষকক সৱলীকৰণৰ লক্ষ্যৰে কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত কৰ্মশালা সম্পন্ন
- Farmers Mobilization & Awareness Programme under PM-DevINE Scheme Held in Goalpara
- দিল্লী আৰু মুম্বাইত নিৰ্মাণ হ’বলগীয়া নতুন অসম ভৱনত চৰকাৰে প্ৰতিষ্ঠা কৰিব একোটাকৈ ‘নামঘৰ’
- ভাৰতীয় ভাষাসমূহত কৃত্রিম বুদ্ধিমত্তা-গুৱাহাটী বিশ্ববিদ্যালয়ত উত্তৰ-পূৰ্বাঞ্চলৰ ভাষা প্ৰযুক্তিবিষয়ক দুদিনীয়া কৰ্মশালাৰ সামৰণি
- IIMC initiated quality Media education in the Third World
- কনটেণ্ট ক্ৰিয়েটৰ এক আকৰ্ষণীয় কেৰিয়াৰ- ড°বুলজিৎ বুঢ়াগোহাঁই-ডেভেলপমেণ্ট ডিজিটেলি গ্রুপৰ উদ্যোগত কেৰিয়াৰ কৰ্মশালা সম্পন্ন
- আজাৰাত এছ টি পি আইৰ উদ্যোগত বিনিয়োগ সম্পৰ্কীয় সন্মিলন