লখিমপুৰ জিলাৰ নাওবৈচা আৰু বিহপুৰীয়া সমষ্টিত জলসিঞ্চন বিভাগৰ বিভিন্ন আঁচনিৰ চৰজমিন বুজ ল’লে মন্ত্ৰী অশোক সিংহলে

0 117

ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি দিনজোৰা কাৰ্যসূচীৰে লখিমপুৰ জিলা ভ্ৰমণ কৰি জিলাখনৰ বিহপুৰীয়া আৰু নাওবৈচা সমষ্টিত জলসিঞ্চন বিভাগৰ দ্বাৰা ৰূপায়িত বিভিন্ন আঁচনিৰ ক্ষেত্ৰ পৰ্যায়ত পৰিদৰ্শন কৰাৰ লগতে সেইবোৰৰ শেহতীয়া স্থিতিৰ বুজ লয়। কালিৰ ধেমাজি জিলা ভ্ৰমণৰ অন্তত নিশাটো গেৰুকামুখস্থিত এন এইচ পি চিৰ অতিথিশালাত অতিবাহিত কৰি মন্ত্ৰীগৰাকীয়ে আজি পুৱা লখিমপুৰত উপস্থিত হয়। দিনটোৰ প্ৰথম কাৰ্যসূচী হিচাপে তেওঁ স্থানীয় বিধায়ক মানৱ ডেকাৰ সৈতে লখিমপুৰৰ নাহৰপুখুৰী শিশু উদ্যানখন পৰিদৰ্শন কৰে আৰু উদ্যানখনৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। শিশুসকলৰ সামগ্ৰিক বিকাশৰ বাবে এক সুস্থ প্ৰাকৃতিক পৰিৱেশ অতিকে প্ৰয়োজনীয় বুলি উল্লেখ কৰি উদ্যানখন সুন্দৰকৈ সজাই-পৰাই তোলাৰ বাবে বিধায়কগৰাকীয়ে হাতত লোৱা প্ৰয়াসৰ তেওঁ শলাগ লয়।

ইয়াৰ পিছতে তেওঁ নাওবৈচা সমষ্টিৰ অন্তৰ্গত লালুক বালিগাঁও আৰু বগলীজান গাঁৱৰ ২ খন নদীৰ কাষৰ বিভিন্ন স্থানসমূহ পৰিদৰ্শন কৰি জলসিঞ্চনৰ সম্ভাৱনীয়তাৰ অন্বেষণ কৰে। অত্যাধুনিক প্ৰযুক্তি সম্বলিত ক্ষুদ্ৰ বান্ধৰ নিৰ্মাণ এক লাভজনক তথা খৰচ-বহনক্ষম জলসিঞ্চন পদ্ধতি বুলি উল্লেখ কৰি ইয়াৰ সফল ৰূপায়ণে ভৱিষ্যতে সমষ্টিটোৰ কৃষকবন্ধুসকলক যথেষ্ট পৰিমাণে উপকৃত কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।

ইয়াৰ পিছতে মন্ত্ৰীগৰাকীয়ে বিহপুৰীয়া পৌৰসভাৰ এটি অত্যাধুনিক বহু সুবিধাযুক্ত ব্যৱসায়িক গৃহৰ আধাৰশিলা স্থাপন কৰে। বাণিজ্যখণ্ডৰ উন্নয়নেহে এখন সমাজৰ প্ৰকৃত প্ৰগতিৰ বাট মুকলি কৰিব পাৰে বুলি মন্তব্য কৰি এই গৃহটিয়ে সমগ্ৰ বিহপুৰীয়া অঞ্চলৰ লগতে জিলাখনৰ বাণিজ্যিক আন্তঃগাঁথনিৰ বিকাশৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। ইয়াৰ পিছতে তেওঁ নাৰায়ণপুৰ চহৰৰ ৱাৰ্ড নং ৩(ক)ত নাৰায়ণপুৰ পৌৰসভাৰ অধীনত নিৰ্মিত এক বাণিজ্যিক কেন্দ্ৰৰ শুভ উদ্বোধন কৰে।

আনহাতে বিহপুৰীয়া সমষ্টিৰ বিভিন্ন স্থান পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে এই স্থানসমূহত জলসিঞ্চনৰ সম্ভাৱনীয়তাৰ অন্বেষণ কৰে আৰু প্ৰয়োজনীয় আ‍ঁচনি হাতত ল’বলৈ বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে। ডিক্ৰং নদীৰ ওপৰত বদতি জামুগুৰি উত্তোলন জলসিঞ্চন প্ৰকল্প,সোঁৱণশিৰি নদীৰ ওপৰত বনপুৰৈ জামুগুৰি উত্তোলন জলসিঞ্চন প্ৰকল্পৰ লগতে বদতি জামুগুৰি গভীৰ নলী নাদ আঁচনিৰ সম্ভাৱনীয়তাৰ সম্পৰ্কে স্থানীয় লোক আৰু বিষয়া-বৰ্গৰ সৈতে তেওঁ বিশদভাৱে আলোচনা কৰে। অবিৰত জলসিঞ্চনেই কৃষিখণ্ডৰ দ্ৰুত প্ৰগতিৰ মূল আধাৰ বুলি উল্লেখ কৰি স্থানীয় কৃষকবন্ধুসকলৰ সুবিধাৰ বাবে খেতিপথাৰত অবিৰত জলসিঞ্চন সুনিশ্চিত কৰিবলৈ কেনেধৰণৰ পদক্ষেপ হাতত ল’ব পাৰি সেয়া পৰ্যালোচনা কৰি অতিশীঘ্ৰেই কৃষক ৰাইজৰ সুবিধাৰ বাবে জলসিঞ্চন বিভাগে সকলো ধৰণৰ ব্যৱস্থা গঢ়ি তুলিব বুলি তেওঁ অৱগত কৰে।

আজিৰ এই ক্ষেত্ৰ পৰিদৰ্শন তথা অন্যান্য কাৰ্যসূচীসমূহত বিহপুৰীয়াৰ বিধায়ক অমিয় কুমাৰ ভূঞা, লখিমপুৰৰ বিধায়ক মানৱ ডেকা, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ সচিব পৱিত্ৰ ৰাম খাউণ্ড, লখিমপুৰ জিলাৰ উপায়ুক্ত আৰু জলসিঞ্চন বিভাগৰ মুখ্য অভিযন্তাকে প্ৰমুখ্য কৰি বিভাগটোৰ ক্ষেত্ৰ পৰ্যায়ৰ বিষয়াবৰ্গ তথা স্থানীয় ৰাইজ উপস্থিত থাকে।

সন্ধ্যা লখিমপুৰ জিলাৰ উপায়ুক্তৰ সভাকক্ষত আয়োজিত এক বৈঠকত মন্ত্ৰীগৰাকীয়ে জিলাখনৰ জলসিঞ্চন বিভাগৰ কাম-কাজৰ বিতং পৰ্যালোচনা কৰে। আন এখন বৈঠকত তেওঁ জিলাখনৰ বিহপুৰীয়া আৰু নাৰায়ণপুৰ পৌৰসভাৰ বিষয়-ববীয়াসকলৰ সৈতে এক বৈঠকত মিলিত হৈ পৌৰসভা দুখনৰ অধীনত ৰূপায়িত বিভিন্ন আঁচনিৰ শেহতীয়া স্থিতিৰ পৰ্যালোচনা কৰে। পৌৰসভা দুখনৰ অধীনৰ এলেকাসমূহত উপযুক্ত আৱৰ্জনা ব্যৱস্থাপনা,পৌৰকৰ সংগ্ৰহ আদিৰ সু-ব্যৱস্থাৰ বাবে তেওঁ সংশ্লিষ্ট বিষয়ববীয়াসকলক যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে। এই পৰ্যালোচনাত জিলা উপায়ুক্তৰ লগতে দুয়োখন পৌৰসভাৰ পৌৰপতি আৰু ৱাৰ্ড সদস্যসকল তথা কাৰ্যবাহী বিষয়াসকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.