ৰাজ্যৰ প্ৰধান আঞ্চলিক দল সন্মিলিত গনশক্তি অসমৰ উদ্যোগত ভাতৃ সংগঠন সন্মিলিত শ্ৰমিক শক্তি অসমৰ সহযোগত অহা ১ মে’ত আন্তৰ্জাতিক শ্ৰমিক দিৱস উপলক্ষত এখন শ্ৰমিক অভিবৰ্তন অনুষ্ঠিত কৰাৰ ব্যাপক প্ৰস্তুতি চলিছে। ধেমাজি জিলাৰ গোগামুখৰ আবুটানি লত্তাত অনুষ্ঠিতব্য এই শ্ৰমিক অভিবৰ্তনত শ্ৰমজীৱী শ্ৰমিক সকলৰ নাৰ্য প্ৰাপ্য অধিকাৰ সম্পৰ্কে সাৰ্বজনীন সজাগতা সৃষ্টি কৰি সুসংগঠিত আৰু সংঘবদ্ধ এক শ্ৰমিক সংগ্ৰাম গঢ়ি তোলাৰ লক্ষ্যৰে এই শ্ৰমিক অভিবৰ্তন অনুষ্ঠিত কৰা বুলি জানিবলৈ দিছে গনশক্তি অসম দলৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পুৰুষোত্তম দলেয়ে । বুধবাৰে এক বিবৃত্তিত দলেয়ে শ্ৰমিক আইন আৰু এই আইনে শ্ৰমিক সকলক প্ৰদান কৰা সাংবিধানিক সা সুবিধা তথা অধিকাৰ সন্দৰ্ভত শ্ৰমিক আৰু শ্ৰমিক সংগঠন সমূহক জ্ঞাত কৰিবলৈ এই অভিবৰ্তনত শ্ৰমিক আইন আৰু শ্রমিকৰ অধিকাৰ শীর্ষক এখন মনোজ্ঞ আলোচনাচক্ৰ অনুষ্ঠিত হব বুলি জনাইছে । আলোচনাচক্ৰত কেইবা গৰাকী শ্ৰমিক আইন বিশেষজ্ঞ , অভিজ্ঞ জ্যেষ্ঠ শ্ৰম বিশেষজ্ঞ,জ্যেষ্ঠ শ্ৰমিক নেতা আৰু শ্ৰম বিভাগৰ ন্যায়িক দিশৰ লগত জড়িত বিশেষজ্ঞ আদি ব্যক্তিয়ে অভিবৰ্তনত সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰিব বুলি অৱগত কৰিছে। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰৰ সন্মিলিত শ্ৰমিক শক্তি অসমৰ খণ্ড শক্তি সমূহৰ পৰা নূন্যতম ১০ গৰাকীকৈ প্ৰতিনিধি আৰু ধেমাজি জিলাৰ ১২ টা অগ্ৰণী শ্ৰমিক সংগঠনৰ সমূহ কৰ্মকৰ্তাই সক্ৰিয় ভাবে অভিবৰ্তনত অংশ গ্ৰহণ কৰিব বুলি জানিবলৈ দি শুভাকাংক্ষী ৰাইজ আৰু সংগঠন সমূহৰ উপস্থিতিৰে অভিবৰ্তনখন সৰ্বতো প্ৰকাৰে সাফল্য মণ্ডিত কৰি তোলাৰ বাবে কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক দলেয়ে সকলোলৈকে আহ্বান জনাইছে।
Trending
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি