২৯ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱ

0 268

শ্ৰীমন্ত শংকৰদেৱৰ আদর্শৰাজি,কলা,সাহিত্য, দর্শন বিশ্বব্যাপি প্ৰচাৰ প্ৰসাৰৰ লক্ষৰে মাধৱ সাংস্কৃতিক ন্যাসৰ উদ্যোগত অহা ২৯,৩০ আৰু ৩১ জানুৱাৰীত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থান আৰু থান খনিৰ চৌপাশে অৱস্থিত সত্ৰ সমূহত অনুষ্ঠিত হ’ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱ নামৰ এক বিশাল সাংস্কৃতিক কাৰ্যক্ৰমণিকা।
এই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱৰ সাংস্কৃতিক কাৰ্যসূচী, ব্যৱস্থা, আপ্যায়ন , যোগাযোগ আদি বিভিন্ন বিষয় সন্দৰ্ভত দেওবাৰে বটদ্ৰৱা সমীপৰ ঐতিহ্যমণ্ডিত বালিসত্ৰ , আইভেটি,আউনিআটি সত্ৰত পৃঠকে পৃঠকে সভা অনুষ্ঠিত হয়।বালিসত্ৰৰ ভকত চন্দ্ৰাকান্ত শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা আৰু মাণিক বৰাই আঁত ধৰা সভা খনত উপস্থিত থাকি শংকৰদেৱ মহোৎসৱৰ উদযাপন সমিতিৰ সাধাৰণ সম্পাদক ৰাজীৱ দত্ত , কোষোধ্যক্ষ ডঃ কন্দৰ্প কুমাৰ শইকীয়া আৰু সহকাৰী সম্পাদক সঞ্জীৱ বৰ্মন,সাংবাদিক দিব্যজ্যোতি বৰুৱাই মহোৎসৱৰ বিস্তৃত বাখ্যা দাঙি ধৰে।
বালিসত্ৰ বাসী ৰাইজেও তিনিদিনীয়া বনাঢ্য কাৰ্য সূচীৰে উদযাপন কৰিবলৈ লোৱা উৎসৱটিত সহায় সহযোগিতা আগবঢ়োৱাৰ পূৰ্ণ প্ৰতিশ্ৰুতি আগবঢ়োৱাৰ কথা সভাক অৱগত কৰে।মহোৎসৱৰ প্ৰস্তুতিৰ আজিৰ সভা খনত বালিসত্ৰৰ বিশিষ্ট সমাজ কৰ্মী মুকুল কলিতা,কুশ বৰদলৈ,লোহিত শইকীয়া,বৰবায়ন,শৰৎ বৰদলৈ,ৰাজেন কেওট,শিৱ প্ৰসাদ গোস্বামী,ভদ্দেশ্বৰ বেজবৰুৱাকে আদি কৰি বালিসত্ৰৰ ভকত বৈষ্ণৱ উপস্থিত থাকে।ইফালে বটদ্ৰৱাৰ সমীপৱৰ্তী কৰচোং সত্ৰ,নসত্ৰ,কুজিসত্ৰ, ভেটীয়নী নৰোৱা সত্ৰত বিগত দিনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱৰ সন্দৰ্ভত প্ৰস্তুতি সভা সম্পন্ন হয়।

Leave A Reply

Your email address will not be published.