ক`ৰণা আতংকৰ মাজতে অসমবাসীৰ লগতে কোকৰাঝাৰ আৰু ধুবুৰী বাসীৰ বাবে এটা সুখবৰ। ৩৮ বছৰৰ পিছত পুনৰ মুকলি হ’ল ৰূপসী বিমানবন্দৰ। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ব্ৰিটিছ কেন্দ্ৰীয় গড়কাপ্তানী বিভাগৰ দ্বাৰা ১৯৪৩ চনত নিৰ্মাণ কৰা হৈছিল ৰূপসী বিমানবন্দৰ। বিমানবন্দৰটো ব্যৱহাৰ কৰিছিল আমেৰিকাৰ দশম স্কোৱাড বাহিনীয়ে। দ্বিতীয় বিশ্বযুদ্ধৰ অন্তত ১৯৭১ চনত ভাৰত-পাক যুদ্ধৰ সময়ত ভাৰতীয় বায়ু সেনাই ব্যৱহাৰ কৰিছিল বিমান বন্ধৰটো। ১৯৫০ পৰা ১৯৬০ চনলৈ ব্যৱসায়িক কাম-কাজত কলিকতাৰ পৰা ধুবুৰীলৈ যাত্ৰা কৰিছিল বহু যাত্ৰীয়ে।সামৰিক দৃষ্টিভংগীৰেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ৰূপসী বিমানবন্দৰটোৱে। বিমানবন্দৰটোৰ পৰা চীন, ভূটান, নেপাল, বাংলাদেশৰ দূৰত্ব অতি সুবিধাজনক স্থানত আছে। ২ হাজাৰ মিটাৰ দৈৰ্ঘ্যৰ ৰানৱে থকা বিমানবন্দৰটো দক্ষিণ-পূব এছিয়াৰ লগত সামৰিক, বাণিজ্যিক ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। ১৯৮১ চনত ৰূপসীৰ পৰা অন্তিমটো বায়ুদূতৰ বিমান উৰা মাৰিছিল। দীৰ্ঘদিন ধৰি পৰিত্যক্ত হৈ থকাৰ পিছত ২০২০ চনৰ ডিচেম্বৰ মাহত পুনৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছিল আৰু আজি দিনৰ ১১.৪০ মান বজাত FLYBIG নামৰ প্ৰথমখন যাত্ৰীবাহী বিমান ৩০ গৰাকী যাত্ৰী লৈ ৰূপসী বিমান বন্দৰত অৱতৰণ কৰে।
Trending
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা