৪২ৰ স্বাধীনতা ৰণৰ শ্বহীদ কনকলতা বৰুৱাৰ নামত ডাক টিকট

0 198

দেশৰ ডাক বিভাগৰ বিশেষ পদক্ষেপ! বিয়াল্লিশৰ স্বাধীনতা ৰণৰ বীৰাংগনা কনকলতা বৰুৱাৰ নামত প্ৰচলন হ`ব ডাক টিকট৷ আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি দেশৰ আন মুক্তিযোদ্ধাৰ দৰে এইবাৰ বিশ্বনাথ জিলাৰ বৰঙাবাৰীৰ শ্বহীদ কনকলতা বৰুৱাৰ নামত প্রচলন কৰা হ’ব ডাক টিকট৷ ইতিমধ্যে দেশৰ ডাক বিভাগৰ অনুমোদন সাপেক্ষে প্রস্তুত হৈ উঠা গহপুৰৰ শ্বহীদগৰাকীৰ নামত উৎসর্গিত ডাক টিকট অহা ১৩ অক্টোবৰত কনকলতা বৰুৱাৰ জন্মভূমি বৰঙাবাৰীৰ কনকলতা আদর্শ বালিকা হাইস্কুলত উন্মোচন কৰিব বুলি জানিব পৰা গৈছে৷
দেশৰ প্রায় ৫১গৰাকী ৰজাঘৰীয়া সম্ভ্রম আৰু সামাজিকভাৱে প্রতিষ্ঠিত নোহোৱা নীৰৱ নায়কৰ নামতেই আজাদী কা অমৃত মহোৎসৱ উপলক্ষে ডাক টিকট প্রচলনেৰে ডাক বিভাগে সন্মান জনোৱাৰ প্রস্তুতি লৈছে৷ দৰং ডাক সংমণ্ডলৰ অধীনতেই কনকলতা বৰুৱাৰ নামত উন্মোচন হ’ব লগা ডাক টিকটৰ আনুষ্ঠানিক সভা আহ্বান কৰা হৈছে৷ ১৩ অক্টোবৰৰ দুপৰীয়া প্রায় ১২.৩০ বজাত স্থানীয় সাংসদ, বিধায়ক আৰু ডাক বিভাগৰ শীর্ষ বিষয়াই অংশগ্রহণ কৰিব বুলি জানিব পৰা গৈছে৷ ৰাজ্যৰ স্বাধীনতা যুদ্ধৰ ৰক্তাক্ত ইতিহাসৰ সাক্ষী কনকলতা বৰুৱাৰ আত্মবলিদানৰ প্রতি এয়া আন এক স্বীকৃতি বুলিও উচ্চাৰিত হৈছে।

Leave A Reply

Your email address will not be published.