৬ষ্ঠ আয়ুৰ্বেদ দিৱস উপলক্ষে কাইলৈ কামৰূপৰ দোৰাকহৰাত সজাগতা সভা আৰু স্বাস্থ্য পৰীক্ষা শিবিৰ

0 225

আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিৰ প্ৰচাৰ, প্ৰসাৰ আৰু উত্তৰণৰ লক্ষ্যৰে আয়ুস মন্ত্ৰ্যালয়ৰ উদ্যোগত ২০১৬ চনত ধনন্তৰী জয়ন্তীৰ দিনটোত প্ৰথমবাৰৰ বাবে আয়ুৰ্বেদ দিৱস পালন কৰা হৈছিল। তেতিয়াৰ পৰা প্ৰতি বছৰে এই দিৱস পালন কৰি অহা হৈছে। আন কেই বছৰৰ দৰে এইবাৰো ৬ষ্ঠ আয়ুৰ্বেদ দিৱসটি সমগ্ৰ দেশৰ লগতে অসমতো নৱগঠিত আয়ুৰ্বেদিক চিকিৎসা সন্থাৰ সৌজন্যত ২ নৱেম্বৰত ধনন্তৰী জয়ন্তীৰ দিনা ৰাজ্যজুৰি দিনযোৰা বিভিন্ন কাৰ্সূচীৰে পালন কৰিবলৈ লোৱা হৈছে। ইয়াৰে অংশ হিচাপে কামৰূপ জিলাতো কাইলৈ ষষ্ঠ আয়ুৰ্বেদ দিৱস আৰু ধনন্তৰী দিৱস অনুষ্ঠিত কৰা হ’ব। বিশ্বৰ প্ৰাচীন চিকিৎসা পদ্ধতি হিচাপে আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিয়ে যাতে প্ৰতিজন ব্যক্তিৰ সহায়ক হয় সেই উদ্দেশ্যে আয়ুৰ্বেদৰ ব্যৱহাৰ সম্পৰ্কে সাধাৰণ ৰাইজক সচেতন কৰিবলৈ ঠায়ে ঠায়ে সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে আয়ুৰ্বেদ চিকিৎসা শিবিৰৰো আয়োজন কৰা হৈছে।
এই উপলক্ষে কাইলৈ কামৰূপ জিলাৰ দোৰাকহৰাত অৱস্থিত ভিতৰখোলা এম ই স্কুলত সজাগতা সভা আৰু স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হৈছে। এই অনুষ্ঠানত কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। আনহাতে কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এন, মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া ক্ৰমে হেমন্ত চৌধুৰী আৰু কুন্তল শৰ্মা বৰদলৈ, স্বাস্থ্য বিভাগৰ দায়িত্বত থকা কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত প্ৰশান্ত প্ৰতীম কাঠকটীয়া, জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ জি এন দেৱশৰ্মা, জিলা প্ৰাথমিক শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়া, সেৱা ভাৰতী পূৰ্বাঞ্চলৰ সাংগঠনিক সম্পাদক সুৰেন্দ্ৰ তালুকদাৰ আৰু কমলপুৰ খণ্ড চিকিৎসা কেন্দ্ৰৰ মহকুমা স্বাস্থ্য বিষয়া ডাঃ ডিম্বেশ্বৰ শৰ্মা সন্মানীয় অতিথি ৰূপে উপস্থিত থাকিব।আয়ুৰ্বেদিক চিকিৎসা সন্থাৰ সভাপতি ডাঃ অৰবিন্দ দাস, সাধাৰণ সম্পাদক ডাঃ বিষ্ঞু চৌধুৰী আৰু জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ জি এন দেৱশৰ্মাই এই কাৰ্যসূচীৰ সফল সমাপ্তিৰ বাবে সকলোকে অনুৰোধ জনাইছে।

Leave A Reply

Your email address will not be published.