৭বছৰীয়া শিশুৰ প্ৰশংসনীয় পদক্ষেপ -সাঁচতীয়া টকা দান কৰিলে

0 274

সমগ্ৰ দেশতে লক ডাউন অব্যাহত থকাৰ সময়তে ক’ভিড ১৯ প্ৰতিৰোধ কৰিবলৈ চৰকাৰ তথা প্ৰশাসন সষ্টম হৈ পৰিছে।
 
 
চিকিৎসা তথা প্ৰয়োজনীয় আন্তঃগাঁথনি গঢ়ি তোলাৰ ৰাজ্য বিশেষে জনসাধাৰণৰ পৰা সহযোগিতা আহ্বান কৰাৰ সময়তে মিজোৰামৰ এটা ৭বছৰীয়া শিশু চৰ্চালৈ আহিছে।
 
 
 
 
 
উল্লেখযোগ্য যে শিশুটিয়ে এটকা দুটকাকৈ জমা কৰা ৩৩৩টকা গাঁও পৰ্য্যায়ৰ টাস্ক ফৰ্চলৈ আগবঢ়াইছে।ৰাজ্যখনৰ মুখ্যমন্ত্ৰী জ’ৰামথাংগাই শিশুটোৰ এনে কাৰ্য্যক টুইটাৰ যোগে প্ৰশংসা কৰি কৃতজ্ঞতা জ্ঞাপন কৰিছে।স্মৰ্তব্য যে ক’ভিড ১৯ ভয়াবহতাৰ উপলব্ধি কৰিব পাৰিয়ে শিশুটোৱে এনে পদক্ষেপ গ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.