৭৫ তম স্বাধীনতা দিৱসত অনগ্ৰসৰ অঞ্চলত শিক্ষাৰ পোহৰ বিলোৱা শিক্ষকক সম্বৰ্দ্ধনা

0 346

অসম অৰুণাচল সীমান্তৰ পাদ দেশত অৱস্থিত তেজালপট্ৰি চাহবাগিছা । ১৯৮৪ চনতেই উক্ত চাহবাগিছাৰ অন্তৰ্গত খেৰবাৰি -বুৰবুৰিত নেপালী, বড়ো, আদিবাসী, চাহ জনজাতি, ভাষিক অসমীয়া, কছাৰী আদি কৰি লোক সকলৰ ল`ৰা-ছোৱালীক শিক্ষাৰ পোহৰ বিলোৱা শিক্ষক টংক কুৰ্মীক কালি বিশ্বনাথ জিলা প্ৰশাসনে সম্বৰ্দ্ধনা জনালে। তেখেত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ শোণিতপুৰ-বিশ্বনাথ জিলাৰ উপদেষ্টা হোৱাৰ লগতে জাতীয় মহাসভাৰ নদুৱাৰৰ সভাপতি। শিক্ষক গৰাকী চাকৰি জীৱনৰ শেষবেলাত বিশ্বনাথ জিলা প্ৰশাসনে সম্বৰ্ধনা জনোৱাত শৈক্ষিক মহলত আনন্দৰ জোঁৱাৰ উঠিছে ।

Leave A Reply

Your email address will not be published.