ৰক্তবীৰ স্বেচ্ছাসেৱী সন্থাৰ গুৱাহাটী শাখাৰ উদ্যোগত ডা০ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত শিশুসকলৰ মাজত খেলা আৰু খাদ্য সামগ্ৰী বিতৰণ

0 216

দূৰ্গা সপ্তমীৰ এই পবিত্ৰ দিনতোতে একাংশ কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা শিশুৰ মুখত হাঁহি বিৰিঙাবলৈ ওলাই আহিল ৰক্তবীৰ স্বেচ্ছাসেৱী সন্থাৰ গুৱাহাটী শাখাৰ সদস্য-সদস্যা সকল । বিগত বৰ্ষৰ দৰে এইবাৰো দুৰ্গা মহা সপ্তমীৰ দিনাই ৰক্তবীৰ স্বেচ্ছাসেৱী সন্থাৰ পঞ্চম বৰ্ষপূৰ্তি উপলক্ষে ডা০ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত চিকিৎসাধীন হৈ থকা, জন্মৰ পৰা ১৮ বছৰ বয়সৰ শিশু সকলৰ মাজত কিছু খাদ্য সামগ্ৰীৰ লগতে খেলা-ধূলাৰ সামগ্ৰীৰ টোপোলা বিতৰণ কৰা হয়। পূৰ্বৰ দৰে এইবাৰো প্ৰায় ৫০ গৰাকী চিকিৎসাধীন হৈ থকা শিশুৰ মাজত বিতৰণ কৰা হয় এই সামগ্ৰীসমূহ। এইক্ষেত্ৰত ৰক্তবীৰ স্বেচ্ছাসেৱী সন্থা, গুৱাহাটী শাখাৰ সৈতে বিশেষভাৱে সহযোগিতা আগবঢ়াই অগ্নিনিৰ্বাপক আৰু জৰুৰীকালীন বিভাগৰ উত্তৰ-গুৱাহাটী শাখাৰ জেষ্ঠ বিষয়া হিমাংশু বৰুৱা আৰু তেখেতৰ সহযোগী সতীৰ্থসকলে।
পঞ্চম বৰ্ষপূৰ্তি উপলক্ষে ৰক্তবীৰ স্বেচ্ছাসেৱী সন্থাৰ গুৱাহাটী শাখাৰ সদস্য-সদস্যা সকলৰ সৈতে উপস্থিত থাকে ৰক্তবীৰ স্বেচ্ছাসেৱী সন্থা অসমৰ কেন্দ্ৰীয় সভাপতি দিপক ৰাজখোৱা। ৰক্তবীৰ স্বেচ্ছাসেৱী সন্থা, গুৱাহাটী শাখাৰ এনে এক সুন্দৰ পদক্ষেপক আদৰণি জনাইছে সমাজৰ প্ৰতিজন সচেতন ৰাইজে। লগতে সমাজৰ বিভিন্ন স্তৰৰ লোকৰ বাবে সুন্দৰ কাম কৰি থকা ৰক্তবীৰ স্বেচ্ছাসেৱী সন্থাৰ দীৰ্ঘায়ু কামনা কৰা হয়।

Leave A Reply

Your email address will not be published.